হে জ্যোতিৰ নৱ জ্যোতি – আয়শা ছিদ্দিকা আছৰি 

ৰাভা দিৱস উপলক্ষে

হে জ্যোতিৰ নৱ জ্যোতি 

 আয়শা ছিদ্দিকা আছৰি 
বাংলিপাৰা,বৰপেটা 

সপোন সজাই প্ৰাচীৰ গঢ়ি তুলি
সপ্তসুৰে কল্পনা ৰাঙলি কৰিলা
আকাশে তোমাক সাঙুৰিলে এনেকৈ
যেন প্ৰেমৰ পংক্তিৰে সব  গীত-গাথা…
দীপশিখা জ্বলি উঠিল ধ্যানৰ ৰূপে
নৱ প্ৰজন্মক দিলে এক দীপ্ত শিখা
দেশমাতৃৰ আঁচলৰ ৰং সলিলে
চাই তোমাৰ সাহিত্য পাটৰ লেখা….
নাট্য-সাহিত্য,সংগীতৰ সাধক তুমি
প্ৰতিটো শব্দত সাজে সেউজ সপোন
বিশ্ব দৰবাৰত শুনা যায় আজি
তোমাৰ জীৱনৰ সফলতাৰ কাহিনী….
স্বদেশ প্রেমৰ এক জ্যোতিৰূপে
তুমি জ্বলালা যুগৰ  নৱ্য কণ্ঠস্বৰ
অসমৰ প্ৰতিটো কোণে আজিও
বাজে প্ৰতিধ্বনি  সঁচা কৰ্মফলৰ…
কুন্দন কুঁহিপাত, ধ্বনি-প্ৰকাশত
তুমি দিছিলা আমাক  সত্যৰ সন্ধান
বাঁহীৰে বিহুত নতুন সুৰ বজায়
দিলা তোমাৰ স্মৃতিৰ অম্লান প্ৰমাণ….
প্ৰণিপাত হে জ্যোতিৰ নৱজ্যোতি
শব্দৰ সাধনাই যাৰ পৰিচয়
তুমি থাকিবা সৃষ্টিৰ শিৰোনামত
স্মৃতিৰ পাতত সবৰে মন কৰি জয়….