ৰাজীৱ ভৱনত বিধায়ক সঞ্জয় ৰাজ চুব্বাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি
অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন অধ্যক্ষ পৃথ্ৱী মাঝি, টংকবাহাদুৰ ৰাইৰ শ্ৰদ্ধাঞ্জলি
ৰঙিলী বাৰ্ত্তাসেৱা-নাওবৈছা সমষ্টিৰ পৰা দুবাৰকৈ জনপ্ৰতিনিধি নিৰ্বাচিত হোৱা প্ৰয়াত সঞ্জয় ৰাজ চুব্বাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি ৰাজীৱ ভৱনত এখন শোকসভা অনুষ্ঠিত কৰা হয়। দিনৰ ১১ বজাত অনুষ্ঠিত শোকসভাত প্ৰয়াত বিধায়কগৰাকীৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথ্বী মাঝি আৰু টংকবাহাদুৰ ৰায়ে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই বিধায়ক সঞ্জয় ৰাজ চুব্বাৰ অসুস্থ হৈ থকাৰ মাজতো দলৰ সাংগঠনিক কাম-কাজত অধিক সক্ৰিয় হৈ আছিল বুলি উল্লেখ কৰি কয় যে তেওঁ এজন অতি হৃদয়ৱান লোক আছিল। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথ্ৱী মাঝি আৰু টংকবাহাদুৰ ৰাইয়েও প্ৰয়াত বিধায়কগৰাকীৰ স্মৃতিচাৰণ কৰি তেখেতৰ দৰে অমায়িক জনপ্ৰতিনিধি খুব কমেই আছে বুলি উল্লেখ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আঁত ধৰা সভাখনত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি গুণকান্ত গগৈ, ৰূপা দেউৰীৰ লগতে বহু জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাইয়ো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।