সোণম ৰঘুবংশীসহ ৫ হত্যাকাৰীক লগত লৈ মেঘালয় আৰক্ষীৰ ক্ৰাইম ছীন ৰিক্ৰিয়েচন

সোণম ৰঘুবংশীসহ ৫ হত্যাকাৰীক লগত লৈ মেঘালয় আৰক্ষীৰ ক্ৰাইম ছীন ৰিক্ৰিয়েচন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডক লৈ অব্যাহত আছে মেঘালয় আৰক্ষীৰ তদন্ত। সোণম ৰঘুবংশীসহ ৫জন হত্যাকাৰীক লগত লৈ মেঘালয় আৰক্ষীয়ে ছোহৰাৰ ৱেইছ’ডং জলপ্রপাতৰ সমীপত ক্রাইম ছীন ৰিক্ৰিয়েচন কৰে। বৰষুণৰ মাজতে ৫ হত্যাকাৰীক লগত লৈ মেঘালয় আৰক্ষীৰ এছআইটিৰ দলে ক্রাইম ছীন সম্পন্ন কৰে। ইয়াৰ পাছতে মেঘালয় আৰক্ষীয়ে এখন সংবাদ মেলযোগে সকলো তথ্য সদৰী কৰে। উল্লেখ্য যে দুখন দাৰ জৰিয়তে নির্মমভাৱে হত্যা কৰিছিল ৩ অভিযুক্ত ক্রমে বিশাল সিং চৌহান, আনন্দ কুর্মী আৰু আকাশ ৰাজপুতে। আৰক্ষীৰ আগত এই স্বীকাৰোক্তি দিছে ৩ অভিযুক্তই। পূব খাচিপাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে সদৰী কৰা মতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ৰাজা ৰঘুবংশীৰ মূৰত চোকা অস্ত্ৰেৰে আঘাত কৰাৰ চিন স্পষ্টকৈ ধৰা পৰিছে। হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাছত তথ্য-প্রমাণ নষ্ট কৰিবলৈ সকলো চেষ্টা কৰিছিল সোণম ৰঘুবংশীসহ হত্যাকাৰীৰ দলটোৱে। সোণম আৰু বিশালে নষ্ট কৰি পেলাইছিল ৰাজাৰ ম’বাইল ফোন। ফোনটো পেলাই দিয়া স্থানডোখৰো আৰক্ষীক দেখুৱাই দিছে হত্যাকাৰীয়ে। হত্যাকাৰী সোণমে কৌশলেৰে স্বামী ৰাজা ৰঘুবংশীক ছোহৰাৰ উক্ত দুর্গম স্থানলৈ নিছিল। হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাছত মৃতদেহ অজ্ঞাত স্থানলৈ প্ৰেৰণকে ধৰিসকলো তথ্য-প্রমাণ নষ্টও কৰিছিল ৫ হত্যাকাৰীয়ে। আজি আৰক্ষীয়ে কঠোৰ নিৰাপত্তা আবেষ্টনীৰ মাজেৰে ধৃত পাঁচজনক লগত লৈ ৱেইছ’ডঙৰ ৰিয়াই আলিয়াং পার্কিঙৰ পৰা বিভিন্ন স্থানলৈ গৈ ক্রাইম ছীন ৰিক্রিয়েচন কৰে। ইপিনে, আজিৰ পাছত কাইলৈ সোণমসহ ৫ অভিযুক্তক মেঘালয় আৰক্ষীয়ে আদালতত হাজিৰ কৰাব। ৫ অভিযুক্তক পুনৰ জিম্মাত বিচাৰি আৰক্ষীয়ে আদালতত আবেদন জনাব। ইন্দোৰৰ দুৰ্ভগীয়া ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ নৃশংস হত্যাকাণ্ডটো সন্দর্ভত মেঘালয় আৰক্ষীয়ে চলোৱা ক্ষিপ্র তদন্তত সন্তুষ্টি প্রকাশ কৰিছে দুই ভাতৃ ক্রমে বিপিন ৰঘুবংশী আৰু শচীন ৰঘুবংশীয়ে।