শিৱসাগৰৰ অ’এনজিচি গেছ নির্গমনঃ ভটিয়াপাৰৰ ৩৫০টা পৰিয়ালক দিব ২৫ হাজাৰ টকাকৈ সাহায্য প্রদান

শিৱসাগৰৰ অ’এনজিচি গেছ নির্গমনঃ ভটিয়াপাৰৰ ৩৫০টা পৰিয়ালক দিব ২৫ হাজাৰ টকাকৈ সাহায্য প্রদান

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰৰ ভটিয়াপাৰত অ’এনজিচিৰ গেছ নিৰ্গত হোৱাৰ পাছত শিবিৰত থকা পৰিয়ালসমূহক ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্রদানৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। গেছ নির্গমন পৰিস্থিতিক অতি গুৰুতৰ বুলি অভিহিত কৰি তেওঁ কয় যে অসমৰ মুখ্য সচিবে ইতিমধ্যে অ’এনজিচিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অৰুণ কুমাৰ সিঙৰ সৈতে কথা পাতিছে আৰু গেছ নির্গত হোৱা নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ পৰা এজন বিশেষজ্ঞক অনাৰ প্ৰচেষ্টা অব্যাহত আছে। মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্রী হৰদীপ সিং পুৰীৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চ কৰি কণ্টেইনমেন্ট ব্যৱস্থাৰ লগতে ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ বিষয়ে আলোচনা কৰিব। মুখ্যমন্ত্রীয়ে কয়- এককালীন এই ধনৰাশি চূড়ান্ত ক্ষতিপূৰণ নহয়। উল্লেখ কৰিব পাৰি যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কালি সন্ধিয়া পৰিস্থিতিৰ বুজ ল’বলৈ শিৱসাগৰলৈ ঢাপলি মেলিছিল। ডিব্ৰুগড়ৰ মুখ্যমন্ত্রী সচিবালয়ত আয়োজিত এক সংবাদ মেলত মুখ্যমন্ত্রী ড° শর্মাই কয়- যাৰ যাৰ ক্ষতি হৈছে, পৰিৱেশ শামকটাৰ পাছত ৰাইজে নিশ্চয় ক্ষতিপূৰণো বিচাৰিব। সেই ক্ষতিপূৰণ আমি কেনেকৈ দিব পাৰিম, তাৰ বিষয়েও মই অ’এনজিচি আৰু কেন্দ্ৰীয় পেট্র’লিয়াম মন্ত্ৰালয়ৰ লগত গুৱাহাটীত গৈ কথা পাতিম। বহু পৰিয়াল শিবিৰত আছে, কোনোবা আত্মীয়ৰ ঘৰত আছে, ঘৰৰ পৰা তেওঁলোকে কাপোৰ-কানিখিনিও আনিব পৰা নাই। কাৰণ তাৰ ওচৰত ভীষণ তাপ হৈছে, ওচৰলৈকো যাব নোৱাৰি। ক্ষতিপূৰণৰ বিষয়টো আমি আলোচনা কৰি থাকিম। মই এতিয়া মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা তেওঁলোকলৈ ২৫ হাজাৰ টকা এটা কাপোৰ-কানিৰ লগতে লাগতিয়াল বয়বস্তু যাতে কিনিব পাৰে বা ল’ৰা-ছোৱালীৰ কিতাপ পত্ৰ কিনিব পাৰে, তাৰ বাবেই মই এটা সামান্য বৰঙনি আগবঢ়াম। কিন্তু ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সম্পর্ক নাই। সেইটো মুখ্যমন্ত্ৰীৰ সাহায্য পুজিৰ পৰা আগবঢ়োৱা এটা সৰু ব্যৱস্থা। যদি প্রয়োজন হয়, মোৰ ফালৰ পৰা মই সহায় কৰিম। কিন্তু ক্ষতিপূৰণৰ মুখ্য বিষয়টো অ’এনজিচিৰ লগতহে সমাধান কৰিব লাগিব। প্রথম কামটো হৈছে যাতে গেছ নির্গমন বা ৱেলটো বন্ধ কৰিব পাৰোঁ। দ্বিতীয় কামটো হৈছে আমি যাতে পৰিয়ালকেইটাক ক্ষতিপূৰণ দিব পাৰোঁ। উল্লেখ্য যে কালি লখিমপুৰৰ পৰা পোনে পোনেই নিশা শিৱসাগৰৰ ভটিয়াপাৰাৰ অ’এনজিচিৰ গেছ নিৰ্গমনৰ ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাস্থলীৰ ভুক্তভোগীসকলৰ অৱস্থাৰ বুজ লয়। যোৱা ১২ জুনৰ পৰাই এই ঘটনা সংঘটিত হোৱা বুলি সদৰী কৰি আজিৰ দিনটোত প্রায় ৩৫০টা পৰিয়াল আশ্রয় শিবিৰত থকাৰ লগতে বহু উৎকণ্ঠাৰ মাজেৰে অতিবাহিত কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রী শর্মাই। আজি পুৱা ৰাজ্যৰ মুখ্য সচিবে অ’এনজিচিৰ অধ্যক্ষৰ লগত আলাপ-আলোচনা কৰাৰ লগতে অধ্যক্ষগৰাকীয়ে নিজে শিৱসাগৰলৈ অহাৰ কথা ব্যক্ত কৰা বুলি উল্লেখ কৰে। তদুপৰি আমেৰিকাৰ পৰা এজন বিশেষজ্ঞ অনাৰ কথাও ৰাজ্যৰ মুখ্য সচিবক জানিবলৈ দিয়ে। আনহাতে, কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রীয়ে গেছ নিৰ্গমনৰ ঘটনাক লৈ শীর্ষ বিষয়াৰে আলোচনা কৰাৰ কথাও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ৰ লগতো মুখ্য সচিবগৰাকীয়ে কথা-বতৰা পতাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।