বিষ্ণু ৰাভা
বুলমণি বৰি
জন্ম ১৯০৯চন ৩১ জানুৱাৰী
কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ,
নৃত্যবিদ,অভিনেতা, স্বাধীনতা সংগ্ৰামী, মুক্তি যুঁজাৰু
সৃষ্টিকৰ্তাৰ অপূৰ্ব সৃষ্টিৰে
অসমী আইৰ মহান সন্তান
অক্ষয় প্ৰতিভা, সৰ্বগুণৰ অধিকাৰি তুমি
অভ্ৰভেদী বীৰ ।
পূৰ্ণ জন্ম সাধনাৰে জীৱন যুদ্ধত
সৰ্বহাৰা জনতাৰ মুক্তিৰ হকে
দৰিদ্ৰ নিষ্পেষিত জনৰ বাবে মাত মাতি
স্বাধীনতা আমাৰ প্ৰাপ্য বুলি কৈ
অধিকাৰ বিচাৰি
নাম ললা বিপ্লৱী ৰাভা ।
বিপ্লৱৰ নিচান উৰুৱাই জনসমৰ্থনেৰে
সুৰেৰে সংগীতৰ ঝংকাৰ তুলি
জনসাধাৰণক একত্ৰিত কৰি
গাইছিলা মুকুতিৰ গান
শাসকে ৰাষ্ট্ৰদ্ৰোহৰ মিছা অভিযোগত
গ্ৰেপ্তাৰ কৰি কণ্ঠৰুদ্ধ কৰিছিল ।
কলা কৃষ্টিৰ সুন্দৰ প্ৰদৰ্শনেৰে
সকলোৰে মন জয় কৰি
অসমবাসীক দি গ’লা নৱআলোকৰ জ্ঞান
সমন্বয়ৰ সেতু বিচাৰি
জাতপাতৰ প্ৰাচীৰ ভেদি
একেডাল সূতাৰে মালা গাঁথি
সকলোকে একাকাৰ কৰি
গঢ়িছিলা অসমীয়া জাতি ।
সাহিত্যৰ বিশাল পথাৰখনত কৰ্ষন কৰি
জ্ঞানেৰে ভৰালা ভঁৰাল
স্বজাতিৰ বাবে তুমি যেন
মাটিৰ বক্ষ বিদাৰি গভীৰ সেউজীয়া
আকাশসদৃশ সুবিশাল বটবৃক্ষৰ ছাঁ ।
জীৱন আছিল সীমাহীন দুখ যন্ত্ৰণাৰে ভৰা
বিবাহৰ ২৮ দিনৰ পিছত পত্নীৰ মৃত্যু
শোকবিহ্বল হৈ তাৰেই সৃষ্টি
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা
গাৰ নোম শিয়ৰি উঠা গীতৰ অলঙ্কাৰ ।
১৯৬৯ চনৰ ২০ জুণ তাৰিখে
জীৱন নাটৰ যৱনিকা পেলাই
তোমাৰ মহাপ্ৰস্থান ।
তোমাৰ মহাপ্ৰস্থানৰ অনুৰণণে
অসমীয়াৰ হৃৎপিণ্ডৰ স্পন্দন হৈ
ধ্বনি দি থাকিব চিৰদিন, চিৰকাল ।