জীৱনৰ সাৰ্থকতা
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
প্ৰতিটো দিন একে নহয়,
এদিন যদি অশ্ৰু নিগৰে
আনদিনা হাঁহি সৰে।
আজি যি সপোন ভাগি পৰিছে,
অন্য দিনা সেই সপোন
নতুন ৰূপত কাহিনী সাজে।
জীৱনৰ অৰ্থ যে কেৱল
সফলতাত সীমাবদ্ধ তেনে নহয়,
বৰঞ্চ বাৰে বাৰে ভাঙি পৰিও
পুনৰ জীয়াই উঠাতেই
জীৱনৰ সাৰ্থকতা নিহিত হৈ থাকে।
নিজকে হেৰুৱাই পুনৰ বিচাৰি পোৱাতেই
জীৱনৰ সফলতা কঢ়িয়াই আনে।
এই হ’ল বাস্তৱ জীৱনৰ কঠোৰ সত্য।
বিচৰা খিনি নোপোৱা মানেই
জীৱনৰ পৰাজয় নহয়,
যিখিনি পোৱা যায়,
তাকেই সাৰ্থক কৰি তোলাটোৱেই
জীৱনৰ আভিজাত্য।