কেৰালাত একেটা পৰিয়ালৰ ৪জন সদস্যৰ আত্মহত্যা

Pc The Indian Express

কেৰালাত একেটা পৰিয়ালৰ ৪জন সদস্যৰ আত্মহত্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  কেৰালাত একেটা পৰিয়ালৰ ৪ গৰাকী সদস্যৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি ৰাজ্যখনৰ ভক্কমত সংঘটিত হৈছে এই মর্মান্তিক ঘটনা। প্রাথমিক তদন্তৰ পিছত আৰক্ষীয়ে ধাৰণা কৰিছে যে আত্মহত্যা কৰিছে এটা দম্পতী আৰু তেওঁলোকৰ দুই সন্তানে। পৰিয়ালটোৱে ঋণৰ বোজাৰ বাবে এনেদৰে আত্মহত্যাৰ পথ বাছি লোৱা বুলি ধাৰণা কৰিছে আৰক্ষীয়ে। ভক্কমৰ বাসিন্দা অনিল কুমাৰ, তেওঁৰ পত্নী চিজা আৰু দুই পুত্ৰৰ চিপজৰী লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে বাসগৃহত। পৰিয়ালৰ আটাইকেইজন সদস্য পৃথক পৃথক কোঠাত চিপজৰী লোৱা অৱস্থাত পোৱা গৈছে। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি বিগত কেইবাদিনো ধৰি প্ৰতিৱেশীসকলে অনিল কুমাৰৰ পৰিয়ালৰ কোনো সদস্যক বাহিৰত দেখা পোৱা নাছিল। প্রতিৱেশীয়ে আৰক্ষীক খবৰ দিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে গৈ তালাচী চলোৱাৰ সময়ত চাৰিওজনৰ মৃতদেহ উদ্ধাৰ হয়।