সোণাৰুৰ হালধীয়া হাঁহি
নিৰ্মালি বৰা হাজৰীকা,নগাঁও
নিশাৰ তিমিৰ নাশি
অগাদেৱা কৰিছিল এটি সপোনে
ৰি -ৰিয়াই উঠিছিল
কলিজাৰ শিৰা।
ক’ৰবাত সোণাৰু ফুলিছে
তোমাক চাবলৈ ব্যাকুল মন
সোণাৰুৰ হালধীয়া হাঁহিত
প্ৰাণ পায় উঠিছিলোঁ
হালধীয়া হৈ পৰিছিল হৃদয়।
হালধীয়াৰ মায়াত নিম্মৰ্জিত
ধৰত্ৰী।
ৰ’দালিৰে আলাপ তোমাৰ
নতুবা বৰষুণৰ টোপালে
ভিজা তোমাৰ সোণ বৰণীয়া পাহি।
প্ৰিয় ৰং
হালধীয়া ….
সোণাৰু বুলীয়া হৃদয় মোৰ
জনম জনমৰ।।