শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ নলগাবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ
ৰঙিলী বাৰ্ত্তাসেৱা- আছুৰ প্রাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক নীতি-বহির্ভূতভাৱে ডিব্ৰুগড় আৰক্ষীয়ে হেণ্ডকাফ লগাই চোৰ-ডকাইতৰ দৰে আদালতলৈ লৈ যোৱা ঘটনাই তীব্র বিতর্কৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে গুচৰীয়া পক্ষই এজাহাৰ দিয়াৰ পৰিৱৰ্তে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই আদালত চৌহদলৈ নিয়া ঘটনাক লৈ সৃষ্টি হোৱা প্রতিক্ৰিয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ নলগাবলৈ নির্দেশ দিয়ে। মন কৰিবলগীয়া যে দুলীয়াজানৰ এটা তেল ডিপোত সংঘটিত ঘটনাক কেন্দ্র কৰি ডিব্ৰুগড় আৰক্ষীয়ে আছুৰ প্রাক্তন নেতাজনক আটক কৰি সোধা-পোছা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সেইমৰ্মে শংকৰজ্যোতি বৰুৱাক আদালতত হাজিৰ কৰাবলৈ লৈ যোৱা সময়ত আৰক্ষীয়ে সাধাৰণ অপৰাধীৰ দৰে তেওঁক হেণ্ডকাফ লগাই আদালতত হাজিৰ কৰায়। যাক লৈ সৃষ্টি হয় তীব্র বিতর্ক। প্রাক্তন আছুনেতাজনৰ সন্মান হানি কৰিবলৈ এইদৰে হেণ্ডকাফ লগোৱা হৈছে বুলিও বিভিন্ন অভিযোগ তুলিছিল। বিশেষকৈ ডিব্ৰুগড় আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ ভূমিকাক লৈও বিভিন্নজনে আঙুলি তুলিছে।