ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ আন্ত:ৰাষ্ট্ৰীয় সংগ্ৰাহালয় দিৱসত সুৰজিৎ একাডেমীৰ বাটৰ নাট

ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ আন্ত:ৰাষ্ট্ৰীয় সংগ্ৰাহালয় দিৱসত সুৰজিৎ একাডেমীৰ বাটৰ নাট

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীত দিনজোৰা কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় সংগ্ৰাহালয় দিৱস পালন কৰা হয়। উক্ত কাৰ্যক্ৰমত সুৰজিৎ একাডেমীৰ শিল্পী সকলে ধ্ৰুৱ জ্যোতি কলিতাৰ ৰচিত আৰু সীমান্ত শৰ্মাৰ পৰিচালিত বাটৰ নাট “বিজ্ঞান জেউতি” পৰিৱেশন কৰে। নাট খনৰ সংগীত দীপা মহন্তৰ। নাট খনত অভিনয় কৰে বিনীতা দেৱী, ধ্ৰুৱ জ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, দীপা মহন্ত, তৃষ্ণা কলিতা আৰু গণেশ বড়ো। নাট খনত সহযোগিতা আগবঢ়ালে হিমাংশু দাস, কৃতাৰ্থ শৰ্মা, মমী কলিতাই। নাট খনত দ্ৰুতভাৱে পৰিবৰ্তনহৈ থকা সমাজত সংগ্ৰহালয় সমূহৰ ভৱিষ্যৎ ৰ বিষয়ে বিতং ভাবে দাঙি ধৰে। লগতে য’ত সমাজিক, প্ৰযুক্তিগত আৰু পৰিবেশগত পৰিৱৰ্তনৰ মাজতো সংগ্ৰহালয়সমূহ কেনেদৰে খাপ খুৱাই আগবাঢ়িব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নাট খনত দেখুওৱা হৈছে । আন্ত:ৰাষ্ট্ৰীয় সংগ্ৰাহালয় দিৱসত প্ৰায় পাঁচ শতাধিক বিদ্যালয়- মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক আৰু দৰ্শক উপস্থিত থাকে। নাট খনে দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে। সুৰজিৎ একাডেমীৰ শিল্পী সকলক ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ শিক্ষা বিষয়া প্ৰেমধৰ দাসে সম্বৰ্ধনা জ্ঞাপন কৰে।