কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্রাক, এজনৰ মৃতদেহ উদ্ধাৰ

কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্রাক, এজনৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  তেজপুৰৰ কলিয়াভোমোৰা দলঙত বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হয় এক শোকাৱহ দুর্ঘটনা। তেজপুৰৰ দিশৰ পৰা দক্ষিণ পাৰৰ দিশে এখন মালবাহী ট্ৰেইলাৰ বাহন পুৰণি কলিয়াভোমোৰা দলঙেৰে গৈ থকা অৱস্থাত বিয়লি ২.৩০ মান বজাত দলঙৰ সোঁফালৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰি যায়। এই খবৰ লাভ কৰাৰ পিছতেই তেজপুৰৰ পৰা উচ্চপদস্থ আৰক্ষী বিষয়া আৰু যান-বাহন আৰক্ষীৰ দল  ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পিছত নদী আৰক্ষী আৰু ‘এছডিআৰএফ’-এ নাৱেৰে নদীৰ বুকুত তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে।উল্লেখ্য যে আজি মালবাহী ট্ৰেইলাৰখন ব্ৰহ্মপুত্ৰত প্ৰচণ্ড জোৰে পৰি যোৱাৰ লগে লগে দ্বিখণ্ডিত হৈ পৰে। ট্ৰেইলাৰৰ এটা অংশ ঘটনাস্থলীৰ পৰা প্ৰায় ২০ মিটাৰ দূৰৈত ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকাৰ বিপৰীতে ওপঙি থকা আনটো অংশ অৰ্থাৎ বাহনৰ আসনৰ কেবিনটোত উদ্ধাৰকাৰীদলে ৱেইলডিং যন্ত্ৰৰে কটাৰ পিছতে ভিতৰত এটা মৃতদেহ উদ্ধাৰ হয়। প্রায় দুঘণ্টা ধৰি উদ্ধাৰকাৰীদলে অতি ক্ষিপ্ৰতাৰে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা মৃতদেহটো দুর্ঘটনাগ্রস্ত বাহনখনৰ চালকজনেই বুলি ধাৰণা কৰা হৈছে।