কাশ্মীৰত নিৰাপত্তা বাহিনীৰ হাতত জইছৰ তিনি দুর্ধর্ষ সন্ত্রাসবাদী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰত সন্ত্রাসবিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে।পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত জম্মু-কাশ্মীৰ আৰক্ষীয়ে চিনাক্ত কৰি তথ্যৰ সন্ধান লাভ কৰিলে পুৰস্কাৰ ঘোষণা কৰা ১৪ সন্ত্রাসবাদীৰ ভিতৰত বিগত ৪৮ ঘণ্টাতে নিৰাপত্তা বাহিনীয়ে ৬ দুর্ধর্ষ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে। পেহেলগামৰ নৰসংহাৰৰ পাছত সন্ত্রাসবিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰি আছে। দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তিপুৰাৰ ট্ৰলৰ নাডেৰগাঁৱত আত্মগোপন কৰি থকা ৩ দুর্ধর্ষ সন্ত্রাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে। আত্মগোপন কৰি থকা অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ৩ দুৰ্ধৰ্ষ জইছ-ই-মহম্মদৰ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। নিৰাপত্তা বাহিনীয়ে ড্রোনৰ জৰিয়তে অত্যাধুনিক অস্ত্ৰ লৈ থকা ৩ সন্ত্রাসবাদীৰ অৱস্থিতি ধৰা পেলোৱাৰ পাছত অতি কৌশলেৰে অভিযান আৰম্ভ কৰে। নিৰাপত্তা বাহিনীৰ অভিযানৰ উমান পাই সন্ত্রাসবাদী গোটটোৱে অভিযানকাৰী দলটোক লক্ষ্য কৰি গুলীচালনা কৰে। নিৰাপত্তা বাহিনীয়েও সন্ত্রাসবাদীৰ গোটটোক তীব্র প্রত্যুত্তৰ দিয়াত তুমুল সংঘর্ষ হয়। এই সংঘর্ষত নিহত হয় ৩ জইছ-ই-মহম্মদৰ দুৰ্ধৰ্ষ সন্ত্রাসবাদী। আৰক্ষীয়ে চিনাক্ত কৰা মতে, নিহত সন্ত্রাসবাদী তিনিটা হৈছে-অৱন্তিপুৰাৰ জইছ-ই-মহম্মদৰ জিলা কমাণ্ডাৰ আছিফ আহমেদ শেখ, আমিৰ নাজিৰ ৱানি আৰু য়াবৰ আহমেদ ভাট। এই তিনিওটা সন্ত্রাসবাদী ২০২২ চনৰ পৰা দক্ষিণ কাশ্মীৰৰ বিভিন্ন অঞ্চলত সন্ত্রাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত। উল্লেখ্য যে বৃহস্পতিবাৰে অৱন্তিপুৰাত ৩ জইছ-ই-মহম্মদৰ দুৰ্ধৰ্ষ সন্ত্রাসবাদী নিহত হোৱাৰ পূর্বে মঙলবাৰে ছ’পিয়ানৰ শুক্রু কেলাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে ৩ লস্কৰ-ই-তৈবাৰ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিছে। চোৰাংচোৱাৰ তথ্যৰ আধাৰত নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
