অসম সাহিত্য সভাত বাধ্যতামূলক হ’ব এক পদ এক ব্যক্তি নীতি

pc The Janambhumi

অসম সাহিত্য সভাত বাধ্যতামূলক হ’ব এক পদ এক ব্যক্তি নীতি
কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ কোনো সদস্যই জিলা-শাখা সভাৰ কাৰ্যনিৰ্বাহকৰ পদবী-সদস্য পদ গ্রহণ কৰিব নোৱাৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভাক সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে আগবাঢ়িছে সাহিত্য সভাৰ নতুন নেতৃত্ব। আজি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে যে অসম সাহিত্য সভাৰ সংবিধানৰ পঞ্চবিংশ খণ্ডৰ বিবিধ শিতানৰ (ক) ৫ নং ছেদ অনুসৰি আৰু সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যকালৰ ০৪ ফেব্ৰুৱাৰী, ২০২৫চনত প্ৰাৰম্ভিক বৈঠকৰ লগতে ০৯ মাৰ্চত প্ৰথম কাৰ্যনিৰ্বাহক অধিৱেশনৰ সিদ্ধান্ত অনুসৰি অসম সাহিত্য সভাৰ ‘এক পদ এক ব্যক্তি’ নীতি বাধ্যতামূলক কৰা হৈছে। সেয়ে, অসম সাহিত্য সভাৰ স্বীকৃতিপ্রাপ্ত জিলা সভা আৰু শাখা সভাসমূহেও এই নীতি বাধ্যতামূলক কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে অসম সাহিত্য সভাৰ ২০২৫-২০২৭ কাৰ্যবৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ কোনো সদস্যই জিলা সভা আৰু শাখা সভাৰ কাৰ্যনিৰ্বাহকৰ কোনো পদবী তথা সদস্য পদ গ্রহণ কৰিব নোৱাৰিব। প্ৰধান সম্পাদকগৰাকীৰ স্বাক্ষৰিত পত্র ক্রমাংক: অসাস/গু.কা./প্রধান সম্পাদক/২০২৫-২৭/১৫৪ অনুসৰি জিলা সভা আৰু শাখা সভাৰ ক্ষেত্ৰতো ‘এক পদ এক ব্যক্তি’ নীতি প্রযোজ্য হ’ব। উল্লেখ্য যে বর্তমান সময়ত যিসকল ব্যক্তিয়ে একাধিক পদ গ্রহণ কৰি আছে, তেখেতসকলক অহা ২০ মে’ ২০২৫ তাৰিখৰ ভিতৰত নিজৰ অপচন্দৰ পদটোৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনোৱা হৈছে। সভাৰ মূল সভা, জিলা সভা, শাখা সভা আৰু আদৰণি সমিতিৰ কাৰ্যনিৰ্বাহকৰ মূল আৰু উপ-সমিতিৰ সদস্য-সদস্যা সকলো ‘এক পদ এক ব্যক্তি’ নীতিৰেই নির্বাচিত হ’ব লাগিব। অৱশ্যে সভাৰ আনুসংগিক বিষয়ত গঠন হ’বলগীয়া উপ-সমিতিত এই নীতি প্রযোজ্য নহয়।।