মাহবোৰৰ কথা – বাহাৰুল ইছলাম

মাহবোৰৰ কথা

বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
ব’হাগ মাহৰ     মধুৰ ক্ষণত
কুলিয়ে গীত গায় ,
অসমীৰ চোতালত   অপূৰ্ব বিহুনাচ
ৰ’লাগি সৱে চায়।
জেঠ মাহত         প্রখৰ ৰ’দ
বৰ গৰম লাগে,
বাঁহৰ তলত         ল’ৰা-ছোৱালীয়ে
খেলে লগে-ভাগে।
আহাৰ মাহত          পকে ফল-মূল
খাই মজা লাগে বৰ,
পাৰোতে ফল-মূল    মনত ৰাখিবা
নকৰিবা খৰধৰ।
শাওণ মাহত     পাহাৰে-ভৈয়ামে
মূষলধাৰে বৃষ্টি পৰে,
কেতিয়াবা খঙতে   শাওণে গৰজি
প্লাৱনৰ ৰূপ ধৰে।
ভাদ মাহত       তিথিৰ কথা
সৱৰ মুখে মুখে,
কৰা পৰোপকাৰ  ইজনে সিজনক
থিয় হ’বা সুখে-দুখে।
আহিন মাহত    জনায় স্বাগতম
ৰমক-জমক বতৰ,
শিশু-বুঢ়া           মিলিজুলি
ঘনে ঘনে কয় সাঁথৰ।
কাতি মাহত    কঙালী বিহু
অসমী ব্যস্ত থাকে,
নানান দেশৰ     ভিন্ন পখী
আহে জাকে জাকে।
আঘোণ মাহত   সোণালী ধানে
পথাৰ উপচি পৰে,
সৰল মনৰ      কৃষক সকলৰ
মনৰ আশা  ভৰে।
পুহ মাহত       ঠাণ্ডাৰ বতৰ
অনেক ভাল লাগে,
ডেকা-গাভৰু           বুঢ়া-মেথা
ভ্রমণ কৰে লগে-ভাগে।
মাঘ মাহত      ঠাণ্ডাৰ প্ৰকোপ
দুগুণে বৃদ্ধি পায়,
বুঢ়া-বুঢ়ীয়ে         জুইৰ তাপ লৈ
ইকাতি-সিকাতি চায়।
ফাগুন মাহৰ   পচোৱা বতাহে
বৰ আমনি কৰে,
কোমল কঁহুৱা     শিমলু,মদাৰৰ
ৰঙীন আশা চৰে।
চ’ত মাহত           সূৰুজৰ চাৱনিয়ে
গৰমৰ উমান দিয়ে,
চ’তৰ শেষত     আদৰোঁ  ৰঙালীক
দুখ-কষ্ট কাঢ়ি নিয়ে।