সাম্প্ৰতিক কালত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰ মূল্যায়ণ – নাছিৰ আহমেদ

সাম্প্ৰতিক কালত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰ মূল্যায়ণ

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

‘ সাম্প্ৰতিক কাল’ শব্দটোৰ দ্বাৰা বৰ্তমান কালটোক সূচায় যদিও স্বৰূপতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা এতিয়ালৈকে প্ৰৱহমান হোৱা কালটোক সাহিত্যৰ যুগ বিভাগত ‘ সাম্প্ৰতিক কাল বা যুগ’ বুলি সাহিত্য সমালোচক সকলোৱে উল্লেখ কৰা দেখা যায়। শেষত ই ক্ৰমে সাহিত্য-কলা-সংস্কৃতি বা জ্ঞান-বিজ্ঞানৰ সকলো শাখা-প্ৰশাসাক সামৰি লোৱা দেখা যায়।

দ্বিতীয় বিশ্বযুদ্ধক মাইলৰ খুঁটি বুলি ধৰি লৈ এতিয়ালৈকে সমাজ-ব্যৱস্থাৰ এক আমূল পৰিবৰ্তন হোৱাৰ বাবেই এই সাম্প্ৰতিক কালটোৰ কলা-কৃষ্টি-সংস্কৃতি-সাহিত্যৰ আঙ্গিক আৰু মননৰ ক্ষেত্ৰত দ্ৰুত ভাৱে ন ন পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা এনেভাৱে পৰিৱৰ্তন হৈছে যে, দ্বিতীয় বিশ্বযুদ্ধৰ আগৰ শিল্প-কৰ্মৰ লগত ইয়াৰ এক চূড়ান্ত বিচ্ছেদ ( Break) ঘটিছে।

মই এতিয়া প্ৰবন্ধটোৰ বিষয়বস্তু অনুযায়ী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সাম্প্ৰতিক কালৰ উপৰোক্ত বৈশিষ্ট্যবোৰ নিজৰ সৃষ্টি-কলাত ৰূপ দান দি এই কালৰ শ্ৰেষ্ঠ যুগ-স্ৰষ্টাৰূপে কেনে ধৰণে ৰসোৰ্ত্তীৰ্ণ হ’ব পাৰিছে, তাৰ এই সমালোচনাত্মক মূল্যায়ন আগবঢ়াবলৈ চেষ্টা কৰিম।

‘ সুন্দৰৰ আৰাধনা জীৱনৰ খেল’ ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ এই কবিতাশাৰীৰ প্ৰতি তেওঁৰ উত্তৰ সূৰী হিচাপে দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰিলেও সাম্প্ৰতিক কালৰ চিন্তাৰ প্ৰচণ্ড ঢৌৱে তেওঁৰ কবিতাত খলকনি তুলিছিল এইবুলি, ” ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ” ।

সমাজ-পৰিৱৰ্তনকামী এই গৰাকী শিল্পীয়ে পৰিৱৰ্তনৰ ধাৰা কেনেধৰণৰ হ’ব, সেই বিষয়ে স্পষ্ট বক্তব্য দাঙি ধৰি কৈছিল, ” জাতীয়তাবাদৰ ভিত্তিত আন্তৰ্জাতিকতাবাদ গঢ়ি তুলিব লাগে। সেয়ে, তেওঁ দেশৰ মাটিৰ গোন্ধ থকা অসমীয়া বিহু নাম, আই নাম, দেহ বিচাৰৰ গীত, টোকাৰী গীত, বনগীত, পদুম কুঁৱৰীৰ গীত, বিহু নৃত্য আদিত অসমীয়া প্ৰাচীন সুৰৰ লগত পশ্চিমীয়া সুৰৰ মধুৰ সমন্বয় ঘটোৱাৰ উপৰিও পুৰণি ঢোল, পেঁপা,তাল,পাতিতাল আদি বাদ্যযন্ত্ৰৰ লগত পাশ্চাত্যৰ হাৰমনিয়াম,গীতাৰ, ভায়োলিন আদিৰ সংমিশ্ৰণ ঘটাই অসমীয়া গীত-নৃত্যক এক অনৱদ্য ৰূপ দান কৰিছিল।

‘ লুইতৰ পাৰৰ অগ্নিসুৰ ‘ নামৰ তেওঁৰ একমাত্ৰ কবিতা পুথিখনত গীতিধৰ্মিতা আৰু অতি ৰোমান্টিক ভাৱোচ্ছ্বাস থাকিলেও সাম্প্ৰতিক কালৰ কবিতাৰ বৈশিষ্ট্যসমূহ এই বোৰত পূৰ্ণ ভাৱে প্ৰয়োগ হোৱা বাবেই কবিতাসমূহত সাধাৰণ মানুহৰ আশা-নিৰাশা, আনন্দ-বিষাদ, অতি পৰিচ্ছন্ন ভাৱে প্ৰকাশ হৈছে,

” জনতা তোৰ প্ৰাণৰো প্ৰাণত
শিল্পী যে মই
লুকাই লুকাই থাকোঁ”।

তেওঁৰ দেশাত্মবোধক গীতবোৰত পৰাধীন দেশ মাতৃৰ শৃংখল মোচন কৰাৰ বাবে সন্তানৰ বুকুত জ্বলাই তোলা একো একোটা অগ্নি-স্ফুলিঙ্গ, নাটসমূহ নৰৱেৰ বিখ্যাত নাট্যকাৰ ইবচেনৰ চিন্তাধাৰাৰ ধাৰক-বাহক হিচাপে সমাজখনক আগবঢ়াই লৈ যোৱাৰ এক শক্তিশালী মাধ্যম।

কিন্তু, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শ্ৰেষ্ঠত্ব এই সাহিত্য-কলা-সংস্কৃতিক নতুন ৰূপ দান কৰাই নহয়, তেওঁ প্ৰকৃতাৰ্থত আছিল অসমীয়া তথা ভাৰতীয় সমাজ জীৱনৰ এগৰাকী মহান আদৰ্শবাদী চিন্তা নায়ক।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ভাষাত তেওঁ ” আজীৱন ৰূপতীৰ্থৰ সাধক, আমৰণ বাঞ্ছাবিজয়ী আত্মাৰ গৰাকী, নৱ-নৱোন্মেষৰ শালিনীশক্তি আৰু বহু প্ৰতিভাৰে উদ্ভাসিত শক্তি ” আৰু হেমাংগ বিশ্বাসে ” ব্যক্তি জীৱনৰ সততা,সাহস, সত্যনিষ্ঠ আৰু সংগ্ৰামশীলতাৰ লগত সাহিত্য, শিল্প আৰু সংগীতৰ এনে সুসংগতি এই যুগৰ সংস্কৃতি জগতত দুৰ্লভ ” বুলি অনুভৱ কৰিছে। মূলতে ‘ সংগ্ৰামশীলতা’ আছিল তেওঁৰ জীৱনৰ প্ৰকৃত ব্ৰতস্বৰূপ। মুক্তি পিয়াসী জ্যোতিপ্ৰসাদে আপোচহীন সংগ্ৰামৰ মাজেৰে দেশৰ স্বাধীনতা অৰ্জনৰ বাবে অহৰহ চেষ্টা চলাই গৈছিল। সেয়ে, তেওঁৰ লিখা ‘ শোণিত কুঁৱৰী ‘ নাটকৰ চৰিত্ৰ কৃষ্ণই কৈছে, ” প্ৰথমে আমি সন্ধিৰ কাৰণে চেষ্টা কৰাই মংগল, যদি সন্মত নহয়, তেতিয়া মই নিজেই যুদ্ধ কৰি কুমাৰক উদ্ধাৰ কৰিবলৈ সাজু — কাৰণ অহিংসাৰে যদি নোৱাৰে,সহিংসাৰে মানুহ বৰ্ত্তিবলৈ বিচাৰিবই।” তেওঁৰ ‘কাৰেঙৰ লিগিৰী ‘ নাটকত যি সুন্দৰ কোঁৱৰ মধ্য যুগীয় ৰাজকীয় অহংকাৰ, স্বেচ্ছাচাৰিতা আদিৰ পৰা মুক্ত নহয়, সেই সুন্দৰ কোঁৱৰে শেহত বাধ্য হৈ প্ৰচলিত সামাজিক কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধে থিয় হৈ কৈছে—-

” তোমাৰ আজ্ঞা, সমাজৰ আজ্ঞা, মোৰ উপৰি পুৰুষৰ আজ্ঞা, শাস্ত্ৰৰ বিধান, শাস্ত্ৰকাৰৰ নিবেদন আটাইবোৰৰ বিৰুদ্ধে যাম। তাইক ( শেৱালিক) মই কাৰেঙৰ লিগিৰী গুচাই কাৰেঙৰ কুঁৱৰী পাতিম।” এই সংলাপৰ পৰা উপলব্ধি কৰিব পাৰি যে, তেওঁ কেৱল দেশৰ স্বাধীনতা বিচাৰিয়েই ক্ষান্ত থকা নাছিল, তেওঁ সমাজখনক প্ৰগতিশীলতাৰ বাটত আগবঢ়াই লৈ যোৱাৰ বাবে সংগ্ৰাম চলাই গৈছিল। তেওঁৰ ‘ লভিতা ‘ নাটক যেন এই গলিত, স্খলিত আৰু স্থবিৰ বিৰুদ্ধে এক বলিষ্ঠ প্ৰতিবাদ।

লভিতাই তেওঁৰ ভীৰু,কাপুৰুষ আৰু বিশ্বাসঘাতক প্ৰেমিকক হুংকাৰ দিছে এনেদৰে —

” গোলাপ, তোমাৰ গাঁও লৈ, তোমাৰ মানুহ লৈ, তোমাৰ গাঁৱৰ নিয়ম কৰণ লৈ , তোমাৰ সমাজ লৈ, তোমাৰ জাত লৈ তুমি থাকা। কিন্তু কাৰো আগত নক’বা, আজিৰ ডেকা বুলি, কাৰণ — যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই,সি আজিৰ যুগৰ ডেকা হ’বই নোৱাৰে। “

মাটিৰ গোন্ধ থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আৰু দেশাত্মবোধক গীতৰ মাজেৰে দেশৰ কলুষ-কালিমা, হিংসা-দ্বেষ, সংকীৰ্ণতা-অহমিকাক বিদ্ৰোহৰ বলবীৰ্য জুইৰ শিখাত ভস্মীভূত হৈ আন্তজাৰ্তিক চৰিত্ৰ লাভ কৰিছে —

” ময়েই হিন্দু
ময়েই মুছলমান
ময়েই ন-জোৱান।
মোৰ ভগৱান মন্দিৰে-মছজিদে
ভগৱান মোৰ নামঘৰে ঘৰে
অন্তৰ-বাহিৰে
মোৰ ভগৱান নৈয়ে বনে বনে
আকাশে-আছমানে। “

যুগ-স্ৰষ্টাৰূপে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই উদাৰ মানৱীয় নীতিৰ যে বিৰাট ফাট মেলিছে, বিভিন্ন ভাতৃঘাতী সংঘৰ্ষৰ পৰাই অনুভৱ কৰিব পাৰি। এই সংঘৰ্ষত বৈ যোৱা তেজৰ   সোঁত বন্ধ কৰিব পাৰি তেওঁৰ একমাত্ৰ উদাৰ, ধৰ্ম-নিৰপেক্ষ লেখাৰ জৰিয়তেহে —-

” পৰ্বত পাহাৰী
ভৈয়াম নগৰী
সকলো সামৰি
মোৰ হিমাদ্ৰী প্ৰদেশীৰূপ
পূৰ্ব ভাৰতী ৰূপ হৈ মই
ধৰিছোঁ ভাৰতী ৰূপ
মোৰ জাগিছে বিশ্ব ৰূপ।”

( অসমীয়া ছোৱালীৰ উক্তি )

সাম্প্ৰদায়িকতাবাদ আৰু উগ্ৰ জাত্যাভিমানী  আঞ্চলিকতাবাদ আজি অখণ্ড ভাৰতীয় চৰিত্ৰৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে  ; অথচ তাহানিতেই জ্যোতিপ্ৰসাদ আগৰৱালাই দৃঢ় ভাৱে ঘোষণা কৰিছিল যে, উগ্ৰ সাম্প্ৰদায়িকতা বা উগ্ৰ জাত্যাভিমানী আঞ্চলিকতাবাদৰ জৰিয়তে অসম তথা ভাৰতৰ সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয়, ইয়াৰ ফলত আপাম’ জনতাৰ ঐক্য বিনষ্টহে হ’ব। সেয়ে,জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শোষিত শ্ৰেণীৰ মানুহে ব্ৰিটিছ সাম্ৰাজ্যবাদী আৰু দেশৰ পুঁজিপতি শ্ৰেণীৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে এক পতাকাৰ তলত সমবেত ভাৱে থিয় হৈ বিদ্ৰোহ কৰাৰ বাবে গণ জাগৰণৰ দিন আহিছে —

” একঠা মাটিত উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
আজি কিয় তাকো নাপাওঁ?
মোৰ ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
নিজে ৰখাওঁ।
কালৰ মূৰ্ত্তি ধৰি
শতৰু মূৰত
আকাশৰ চৰগ পেলাওঁ।”

সাম্ৰাজ্যবাদী ব্ৰিটিছৰ হাতৰ পৰা মুক্তি লাভ কৰিলেই দেশৰ জনগণৰ অৰ্থনৈতিক মুক্তি লাভ হ’ব বুলি তেওঁ স্বপ্ন দেখিছিল। এই স্বপ্ন ধুলিসাৎ হোৱা দেখি তেওঁ আৰ্তচিৎকাৰ কৰি উঠিছে —

” আজি দেশৰ শাসকৰ হাতত দেশৰ নৰ-নাৰী ধৰ্ষিত হ’ব লাগিছে কিয় ? ( নালীয়াপুলৰ বিপদ সংকেত)

কিন্তু, এতিয়াও দেশৰ অশুভ সাম্প্ৰদায়িক শক্তিবোৰ মূৰ দাঙি উঠি দেশৰ বুকুত হাজাৰ হাজাৰ মহিষাসুৰক মেলি দি দেশৰ ঐক্য আৰু সংহতি ধ্বংস কৰিবলৈ উদ্যত হৈছে। এতিয়াও ড্ৰাগনৰূপী অত্যাচাৰী শোষক আৰু শাসকৰ  অমানৱীয় শোষণ আৰু নিষ্পেষণত অকাল নিধন ঘটিছে আজি দেশৰ কৃষক আৰু শ্ৰমিকসকল। আজি অক্টোপাছৰ দৰে কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ সৈতে অশুভ আৰু বিচ্ছিন্নতাবাদী শক্তিবোৰে সমাজ জীৱনক দিছে নাৰকীয় যন্ত্ৰণা !

ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ডঃ ভূপেন হাজৰিকা, কাজী নজৰুল ইছলাম, শৰৎচন্দ্ৰ চট্টোপাধ্যায়, সুভাষচন্দ্ৰ বসু, ক্ষুদিৰাম, কুশল কোঁৱৰ, কনকলতা, ভগৎ সিং আদি দেশৰ আপোচহীন সংগ্ৰামী ধাৰাৰ ধাৰক- বাহক সকলৰ বিপ্লৱী বীজ মন্ত্ৰেৰে দীক্ষা গ্ৰহণ কৰি এক বিপ্লৱৰ সূচনা কৰা।