মোৰ অনুভৱত তুমি বসন্ত
মুন শৰ্মা, লখিমপুৰ
মোৰ অনুভৱত তুমি বসন্ত
কেতিয়াবা সুবাস কেতিয়াবা সমীৰ
কেতিয়াবা বিৰহ, কেতিয়াবা এটি ৰঙিল স্বপ্ন
এছোৱা সময় আছিল জীৱনৰ
অপেক্ষা মাথোঁ বসন্তৰ বাবেই
জীৱন বাটত অনামি সোঁত হৈ অহৰহ
বৈ যাব খুজিছিল, মৰমৰ নিৰবিছিন্ন নৈ হৈ,
কথা দিছিলোঁ মই চিৰদিনলৈ বৈ থাকিবি,
সমগ্ৰ হৃদয়ত তই বসন্ত।
সময়বোৰ মাথোঁ তোৰ লগতে কটাম দেই,
পিছে আজি কালি বিষাদ নামে____
কথা যি ৰাখিব নোৱাৰা বাবেই নেকি!
লাজ লাগে বসন্ত আহিলে বাৰে বাৰে,
যান্ত্ৰিকতাৰ বুকুত জীৱন আবদ্ধ
জীৱন জীয়াৰ এই গলিত বসন্ত আজি নিষিদ্ধ।
কলিজা আহ্বান নেওচা দিওঁ,
অহা বাটেৰে উভতি যাবলৈ দিওঁ তাক,
নিবিকাৰ, নীৰৱ ভাওঁ দিওঁ বাৰে বাৰে,
সু-কোমল উতলা বসন্ত হাঁহি বোৰক,
ধৰি ৰখা নাই কোনো আজি কালি অকণো হাবিয়াস।
সময়ে বনোৱা এই জীৱন,
আজি যে এটি যন্ত্ৰ এটি যন্ত্ৰ, এটি যন্ত্ৰ,
আহৰি নাই মই অপৰাগ,
বসন্তক এটি খবৰ সুধিব,
অকণমান মৰম আলফুলে সাৱটি যাচিব।
কাৰণ বসন্ত আহে আৰু যায়, গমকে নাপাওঁ।