ৰাজ্যিক সভাপতি শ্ৰী ৰমেন চন্দ্ৰ বৰঠাকুৰৰ উপস্থিতিত তৃণমূল ছাত্র পৰিষদত যোগদান প্রায় পঞ্চাশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ

ৰাজ্যিক সভাপতি শ্ৰী ৰমেন চন্দ্ৰ বৰঠাকুৰৰ উপস্থিতিত তৃণমূল ছাত্র পৰিষদত যোগদান প্রায় পঞ্চাশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্রদেশ তৃণমূল কংগ্ৰেছৰ জয়ানগৰস্থিত মুখ্য কার্যালয়ত অসম প্রদেশ তৃণমূল কংগ্ৰেছৰ ছাত্ৰ সংগঠন তৃণমূল ছাত্ৰ পৰিষদৰ এক যোগদান কার্যসূচী অনুষ্ঠিত হয়। ৰাজ্যিক সভাপতি শ্ৰী ৰমেন চন্দ্ৰ বৰঠাকুৰৰ উপস্থিতিত ছাত্ৰ পৰিষদৰ নৱ নিযুক্ত সভাপতি আবুল কালাম আজাদৰ নেতৃত্বত প্রায় পঞ্চাশ গৰাকীৰো অধিক ছাত্র-ছাত্রীয়ে আজি তৃণমূল ছাত্ৰ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে।সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ৰাজ্যিক সভাপতি শ্ৰী ৰমেন চন্দ্ৰ বৰঠাকুৰে সমূহ অসমবাসী ৰাইজলৈ বাপতিসাহোন ৰঙালীৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে, “প্রথমেই সমূহ অসমবাসী ৰাইজলৈ মোৰ তথা দলৰ তৰফৰ পৰা হেঁপাহৰ ৰঙালীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আশাকৰো উগ্র-সাম্প্রদায়িক তথা ৰাইজক লুটি খোৱা শাসনৰ এই সময়তো ৰঙালীয়ে সকলোৰে জীৱনলৈ পুনৰ ৰঙ কঢ়িয়াই আনে। আজি অসম প্রদেশ তৃণমূল ছাত্ৰ পৰিষদত যোগদান কৰা সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা স্বাগতম জনাইছোঁ। আজিৰ যুৱ প্ৰজন্ম কাইলৈ দেশৰ ভবিষ্যত। গতিকে এখন সুস্থ তথা কল্যাণকামী ৰাষ্ট্ৰ গঢ়িবলৈ দেশৰ যুৱ প্ৰজন্মৰ প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰাটো নিতান্তই প্রয়োজনীয় অন্যথা বিজেপিৰ দৰে শাসকীয় দল সমূহে সাধাৰণ জনতাক মূর্খ সাজি নিজৰ গাদী ৰক্ষা কৰি থাকিব। শিক্ষিত যুৱ প্ৰজন্মৰ আজিৰ ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপটত প্রয়োজন আছে। আমি অসম প্রদেশ তৃণমূল কংগ্ৰেছে মোৰ নেতৃত্বত সদায় যুৱ প্ৰজন্মক লাগতিয়াল সুবিধা প্রদান কৰি আহিব। যদি আমাৰ প্ৰতিটো প্রজন্মই একেলগে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ আদৰ্শক সৰোগত কৰি একেলগে নিজা নিজা চিন্তাৰে আগবাঢ়ি যাওঁ তেন্তে নিশ্চয় অসম তথা দলৰ কল্যাণৰ হকে কাম কৰি যাবলৈ আমি সক্ষম হ’ম।”