মনোজ বৰুৱা,ড০ পূৰৱী শর্মাৰ পৰিচালনাৰে ‘গুৱাহাটী স্কুল অৱ মিউজিক’ৰ বিংশতিতম্, ‘সুৰৰ ডঁৰিয়লি’
ৰঙিলী বাৰ্ত্তাসেৱা- বেহেলা,পিয়ানো,গিটাৰ, তবলা বাদন আদি যন্ত্র সংগীতৰ প্ৰণালীৱদ্ধ প্ৰশিক্ষণৰ আগশাৰীৰ প্ৰতিষ্ঠান গুৱাহাটী স্কুল অৱ মিউজিক’- এ সফলতাৰে গৌৰৱোজ্জ্বল ২০ বছৰত ভৰি দিলে। ২০০৬ চনত ভেটাপাৰাত প্ৰতিষ্ঠা কৰা ‘গুৱাহাটী স্কুল অৱ মিউজিক’ সংগীত প্ৰতিষ্ঠানটিৰ প্ৰতিষ্ঠাৰ গুৰি ধৰি আহোপুৰুষাৰ্থ কৰি আহিছে দেশে- বিদেশে বেহেলা বাদনেৰে সুখ্যাতি অৰ্জন কৰা অসম তথা দেশৰ স্বনামধন্য, আন্তর্জাতিক খ্যাতি সম্পন্ন বেহেলা বাদক শিল্পী মনোজ বৰুৱা আৰু ড০ পূৰৱী শৰ্মাই। সঙ্গীত প্ৰতিষ্ঠানটিৰ ২০ সংখ্যক বৰ্ষপূর্তি উপলক্ষে যোৱা ৩১ মাৰ্চৰ সন্ধিয়া শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘সুৰৰ ডঁৰিয়লি’ শীর্ষক যন্ত্ৰ সংগীতৰ মধুৰ সাঙ্গীতিক অনুষ্ঠানটিয়ে সঙ্গীতপ্ৰেমী দৰ্শক বৃন্দক মন্ত্রমুগ্ধ কৰি তোলে। অনুষ্ঠানত বেহেলা,পিয়ানো, তবলা, জাৰ্মানীৰপৰা আমন্ত্রিত বিদেশী শিল্পীয়ে পৰিৱেশন কৰা অষ্ট্ৰেলিয়ান বাদ্য সংগীত, ৰাভা বাদ্য সংগীতৰ কেইবাটাও আকর্ষণীয় অনুষ্ঠানে দর্শকক আপ্লুত কৰি তোলে সন্ধিয়াটিত। অনুষ্ঠানৰ আৰম্ভনিতে প্ৰবীণ তবলা বাদক সূর্য গোস্বামী, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত আৰু সচিব বৰ্ণালী শৰ্মা, আনন্দৰাম বৰুৱা ভাষা,কলা আৰু সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ড০ দিলীপ কুমাৰ কলিতা, সমাজকৰ্মী,কবি ড০ সুৰেশ ৰঞ্জন গডুকা, সমাজকৰ্মী নগেন্দ্ৰ নাথ শৰ্মা আৰু মীৰা দেৱী, বকো কলেজৰ গণিত বিভাগৰ অধ্যাপক ড০ ধীৰাজ কুমাৰ দাস, সঙ্গীত পৰিচালক মনজিৎ হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা সংগীতানুষ্ঠানটিত আটাইকেইগৰাকী অতিথি ব্যক্তিৰ লগতে আমন্ত্রিত বিশিষ্ট অতিথি, কটন ইউনিভাৰ্চিটি উপাচাৰ্য্য ড০ ৰমেশ চন্দ্ৰ ডেকাক সম্বর্ধনা জনোৱা হয় ‘গুৱাহাটী স্কুল অৱ মিউজিক’ প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা৷মনোজ বৰুৱা, ড০ পূৰৱী শৰ্মা আৰু ধৰ্মেন্দ্ৰ চৌধুৰীয়ে গণেশ বন্দনাৰে শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানটোত জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণু প্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকা,জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰৰ কালজয়ী গীত নবীন- প্ৰবীণ শিক্ষার্থীসকলে একেলগে চল্লিশখন বেহেলাত পৰিৱেশন কৰে। অনুষ্ঠানত ড০ ৰমেশ চন্দ্ৰ ডেকা, ড০ দিলীপ কুমাৰ কলিতা,ড০ ধীৰাজ কুমাৰ দাস,মনোজ বৰুৱা,ড০ পূৰৱী শৰ্মা, ধৰ্মেন্দ্ৰ চৌধুৰী,মমতা জেছ আৰু জ্যেষ্ঠ ছাত্ৰ- ছাত্ৰীসকলে পৰিৱেশন কৰে প্ৰবীণ কণ্ঠশিল্পী ডলি ঘোষৰ কালজয়ী গীত ‘ নাহৰ ফুলাৰ বতৰতে’ আৰু সংগীত পৰিচালক ৰমেন বৰুৱাৰ ‘এই খনি গাঁও’ শীর্ষক গীত দুটি। অনুষ্ঠানৰ বিশেষ আকর্ষণ আছিল সুদূৰ জার্মানীৰ পৰা আমন্ত্রণ কৰি অনা মার্টিন ড্রাক্রেয়ে পৰিৱেশন কৰা অস্ট্রেলিয়ান প্ৰাচীন বাদ্য ডিজেৰিডুৰ (Didgeridoo) ব্যতিক্ৰমী অনুষ্ঠান। অনুষ্ঠানটিয়ে দৰ্শকক বিস্মিত কৰি তোলে। অনুষ্ঠানত ময়ূখী গোস্বামী আৰু প্রত্যুষ প্ৰীতম শৰ্মাৰ অনন্য পিয়ানো বাদনত প্ৰাশ্চাত্য সংগীতৰ সুৰে দর্শকক আপ্লুত কৰি তোলে। ‘গুৱাহাটী স্কুল অৱ মিউজিক’ৰ ন- পুৰণি শিক্ষার্থীসকলে বেহেলাত পৰিৱেশন কৰে কেইবাটাও ৰাগ- ৰাগিনীৰ সংমিশ্ৰণেৰে সৃষ্টি কৰা এক কম্পোজিশন, তথা আইৰিচ সঙ্গীতৰ অনুষ্ঠান। অনুষ্ঠানত বিশিষ্ট লোকবাদ্য শিল্পী অমূল্য ৰাভাই পৰিৱেশন কৰে ৰাভা লোকবাদ্যৰ অনুষ্ঠান। শেষত অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” বেহেলাত পৰিৱেশন কৰি অনুষ্ঠানটোৰ সামৰণি মৰা হয়। ‘সুৰৰ ডৰিঁয়লি’ অনুষ্ঠানটো প্রতি বছৰে উদযাপন কৰি অহাৰ উদ্দেশ্য সম্পৰ্কে অনুভৱ ব্যক্ত কৰি স্কুলখনৰ প্ৰতিষ্ঠাপক দূ্য়োগৰাকীয়ে কয় যে অসমৰ সংগীত জগত যথেষ্ট চহকী। কিন্তু বৰ্তমান কিছু পৰিমানে তৰল, হুলুস্থুলীয়া সংগীতৰ দিশে কিছু সংখ্যক মানুহে বাৰুকৈয়ে আকৰ্ষিত হৈছে। উঠি অহা প্ৰজন্মক আমাৰ আচল সঙ্গীতৰ সুঁতিৰ সৈতে পৰিচয় কৰি দিয়াৰ যথেষ্ট প্রয়োজন আছে। এই অনুষ্ঠানৰ জৰিয়তে ‘গুৱাহাটী স্কুল অৱ মিউজিকে’ অসমীয়া বিশুদ্ধ সঙ্গীতৰ ধাৰাটো শক্তিশালী আৰু সজীৱ কৰি ৰাখিব বিচাৰিছে। ‘সুৰৰ ডঁৰিয়লি’ সঙ্গীতানুষ্ঠানটি তাৰেই সাৰ্থক প্ৰয়াস বুলি সিদিনা উপস্থিত দর্শক সমাজৰো প্রত্যয় জন্মিছে।