আজি সংসদত দাখিল হ’ব ৱাকফ বিধেয়ক

আজি সংসদত দাখিল হ’ব ৱাকফ বিধেয়ক

ৰঙিলী বাৰ্ত্তাসেৱা- আজি লোকসভা উত্থাপন কৰা হ’ব বহুচর্চিত ৱাকফ সংশোধনী বিধেয়ক। চলিত বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ কাইলৈ লোকসভাত বহুচর্চিত ৱাকফ সংশোধনী বিধেয়ক দাখিল কৰা হ’ব।মঙলবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠক আহ্বান কৰি ৱাকফ বিধেয়ক সন্দৰ্ভত আলোচনা কৰে। বিজনেছ এডভাইছৰী কমিটী, চমুকৈ বিএচিয়ে বিধেয়কখনৰ আলোচনাৰ বাবে ৮ ঘণ্টা সময় নির্ধাৰণ কৰিছে। বিৰোধী দলে বিধেয়কখনৰ আলোচনাৰ বাবে ১২ ঘণ্টা নিৰ্ধাৰণ কৰিবলৈ দাবী জনায় যদিও বিএচিয়ে এই দাবী মানি নলয়। পৰিণতিত বিএচিৰ বৈঠকৰ পৰা ওলাই আহে বিৰোধী দলৰ নেতা।  কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ২০২৫ চনৰ ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে আবেদন জনাব । এই সংশোধনী বিধেয়ক উদ্দেশ্য হৈছে ১৯৯৫ চনৰ ৱাকফ আইন সংশোধন কৰা । আনহাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ বেংকিং আইন (সংশোধনী) বিধেয়ক ৰাজ্যসভাত গৃহীত কৰাৰ বাবে আবেদন জনাব । বেংকিং আইন (সংশোধনী) বিধেয়কৰ সংশোধনীৰ দ্বাৰা ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪, বেংকিং নিয়ন্ত্ৰণ আইন, ১৯৪৯, ভাৰতীয় ষ্টেট বেংক আইন, ১৯৫৫, বেংকিং কোম্পানী (অধিগ্ৰহণ আৰু প্ৰতিষ্ঠান হস্তান্তৰ) আইন, ১৯৭০ আৰু বেংকিং আৰু বেংকিং কোম্পানী (প্ৰতিষ্ঠানঅধিগ্ৰহণ আৰু স্থানান্তৰ) আইন,১৯৮০ বিবেচনা কৰা হ’ব । ইফালে, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং, এল মুৰুগান আৰু ৰৱনীত সিঙে তেওঁলোকৰ নিজ নিজ মন্ত্ৰালয়ৰ বাবে সদনত দাখিল কৰিব । আজি লোকসভাত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পাছত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো এই বিধেয়কখনক লৈ বিৰোধী দলে বিৰোধিতা কৰি আহিছে। ইপিনে লোকসভাত আজি বিজেপিৰ সকলো সাংসদক উপস্থিত থাকিবলৈ তিনিতৰপীয়া হুইপ জাৰি কৰিছে।