বিহালীত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

বিহালীত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা– বিহালীত শুভাৰম্ভ হ’ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ। বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাংস্থিত নিউ কেটেলা খেলপথাৰত আয়োজিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ যোগ্য মহিলালৈ ১০ হাজাৰ টকাকৈ চেক প্ৰদান আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই শুভাৰম্ভ অনুষ্ঠানত  মুখ্যমন্ত্রী ড° শর্মাই কয় যে কংগ্রেছ দলে অসমৰ মহিলা সমাজক অর্থনৈতিকভাৱে সবল কৰা অভিলাষী আঁচনি অৰুণোদয়, মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি, নিযুত মইনা আঁচনি কি বুজি নাপায়। কংগ্রেছ দলে মাথোঁ লুঙী, ধুতী, কম্বল চিনি পায়। কংগ্রেছ দলে লুঙী, ধুতী, কম্বল যোগানৰ আঁচনি ৰূপায়ণৰ নামত টকা-পইচা তোলে। বিজেপি দলে জনকল্যাণকামী আঁচনি ৰূপায়ণ কৰি সমাজৰ সকলো শ্রেণীক অর্থনৈতিকভাবে সবল কৰাৰ কাম-কাজ কৰে। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে নাৰী সবলীকৰণৰ জৰিয়তে এখন সমৃদ্ধশালী অসম গঢ়াৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে। মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসম চৰকাৰে নাৰী সমাজক আর্থিক দিশত আগুৱাই নিয়াৰ এক বৃহৎ যাত্ৰাত অগ্ৰসৰ হৈছে। এই আঁচনিখনে মহিলা সমাজক সৰ্বতোপ্ৰকাৰে উপকৃত কৰিব। ৰাজ্যখনৰ প্ৰতিগৰাকী মহিলাৰে বেংক একাউন্ট আছে আৰু ইয়ে চৰকাৰী আঁচনিৰ ধন প্রত্যক্ষভাৱে লাভ কৰাৰ দিশত সহায়ক হৈ উঠিছে। প্ৰাৰম্ভিক মূলধন হিচাপে ১০ হাজাৰ টকাৰ উচিত ব্যৱহাৰৰ ভিত্তিত দ্বিতীয় বৰ্ষত ২৫ হাজাৰ টকা লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াৰে ১২,৫০০ টকা বেংকে ঋণ হিচাপে আৰু সম-পৰিমাণৰ ধন চৰকাৰী সমর্থন হিচাপে লাভ কৰিব। যিসকল মহিলাই ব্যৱসায়ত সফলতা লাভ কৰিব তেওঁলোকে তৃতীয় বর্ষত ৫০ হাজাৰ টকা লাভ কৰিব। প্রথম পর্যায়ত বিহালী বিধানসভা সমষ্টিত ২৩,৩৭৫গৰাকী মহিলাক এই অভিযানৰ অধীনত সামৰি লোৱা হৈছে আৰু ইয়াৰ বাবদ সামগ্রিকভাৱে সমষ্টিটোৰ মহিলাসকলে ২৩০ কোটি টকা লাভ কৰিব। মহিলাসকলৰ আৰ্থিক উত্তৰণত সহায়ক হোৱা পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে মহিলা আত্মসহায়ক গোটসমূহে পূৰ্বৰ সকলো সুবিধা লাভ কৰি থাকিব। ৰাজ্যখনৰ ২.১৭ লাখ মহিলা আত্মসহায়ক গোটলৈ ৰাজ্য চৰকাৰে ১,০৯০ কোটি টকা আগবঢ়াইছে। ব্যৱসায়-বাণিজ্যৰ সহায়ক হোৱাকৈ ই-কর্মাচ প্লেটফর্ম গঢ়ি তোলা হৈছে। অসমত মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে ১৭,১১৪ কোটি টকা লাভ কৰিছিল আৰু ইয়াৰে ৯৯ শতাংশ ধনেই বেংকক ওভতাই দিছে। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে যিসকল বিদ্যার্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব তেওঁলোকক ছয় মাহ আগৰে পৰা ৩০০ টকাকৈ প্ৰদান কৰিব যাতে টিউচন লোৱাৰ সুযোগ লাভ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে চলিত বৰ্ষৰ ১০ অক্টোবৰত ৰাজ্যখনত পুনৰ ৫০ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্রদান কৰা হ’ব। স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক এবছৰৰ বাবে মাহে ২,৫০০ টকাকৈ প্ৰদান কৰা হ’ব। অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিটো সমষ্টিলৈ ৪ কোটি টকা প্রদান কৰি অহা হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজিৰে পৰা প্ৰতি ইউনিটত এটকাকৈ বিদ্যুৎ নিৰিখ ৰেহাই দিয়াৰ লগতে কৃষকৰ পৰা প্ৰতি কুইণ্টল ধান ২,৫৫০ টকা আৰু প্ৰতি কুইণ্টল সৰিয়হ ৬,৪৫০ টকাকৈ ৰাজ্য চৰকাৰে ক্ৰয় কৰিব। প্ৰতিটো অঞ্চলৰ উন্নয়ন তথা দুখীয়া-দৰিদ্ৰৰ কল্যাণ সাধনৰ বাবে ৰাজ্য চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ বিষয়েও মুখ্যমন্ত্রী ড° শর্মাই সভাত আলোকপাত কৰে। আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাস, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিধায়ক দিগন্ত ঘাটোৱাল, প্রমোদ বৰঠাকুৰ, উৎপল বৰা, কৃষ্ণ কমল তাঁতী, অমিয় কুমাৰ ভূঞা, খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধ্যক্ষ তথা বিধায়ক সঞ্জয় কিষাণ, উপাধ্যক্ষ দেৱান ধ্ৰুৱজ্যোতি মৰল, প্রাক্তন মন্ত্রী প্রবীণ হাজৰিকা, অসম ৰাজ্যিক পৰি বহণ নিগমৰ অধ্যক্ষ পল্লৱলোচন দাস, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি এক্কা আদি উপস্থিত থাকে। আনহাতে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ড° শর্মাই বিশ্বনাথ জিলাৰ পাভৈৰ ৰূপজ্যোতি কলা পৰিষদ খেলপথাৰত আয়োজিত বিনামূলীয়া বিশেষ স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰে। এই শিবিৰত আয়োজিত বিনামূলীয়া বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসম চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা উপলব্ধ কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যৰ সকলো জিলাৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, ভিচিডিচিত বিনামূলীয়া বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। তিনি হেজাৰতকৈও অধিক স্বাস্থ্য শিবিৰ অহা দুমাহৰ ভিতৰত শেষ কৰা হ’ব। স্বাস্থ্যসন্মত আৰু সুস্থ অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে সঠিক সময়ত বেমাৰ ধৰিব নোৱাৰা বাবে বিভিন্ন ৰোগৰ দ্বাৰা জনসাধাৰণ আক্ৰান্ত হৈছে। প্রত্যেক বেমাৰৰ চিকিৎসা আছে আৰু সঠিক সময়ত ধৰা পৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে। এনে ধৰণৰ স্বাস্থ্য শিবিৰৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস চলোৱা হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই অৱসৰপ্ৰাপ্ত আশা কর্মীসকলক কৃতজ্ঞতাৰ চিন হিচাপে এককালীন বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে। এই উপলক্ষে ১০ গৰাকী সেৱাৰ পৰা অৱসৰগ্ৰহণ কৰা আশাকৰ্মীক ২ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য প্রদান কৰা হয়। আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহল, বিধায়ক প্রমোদ বৰঠাকুৰ, উৎপল বৰা, কৃষ্ণ কমল তাঁতী, প্রাক্তন মন্ত্রী প্রবীণ হাজৰিকা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱলোচন দাস, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰিচালন সঞ্চালক ড° লক্ষ্মণন এছ আদি উপস্থিত থাকে। আনহাতে, পুৱাৰ ভাগতে মুখ্যমন্ত্রী ড° শর্মাই বিশ্বনাথ আৱৰ্ত ভৱন চৌহদত এটি গছপুলি ৰোপণ কৰে।