ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ৩৬ টা সমষ্টিৰ ৩৩টা সমষ্টিতে আজি পুৱা ৭ বজাৰ চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৬ টা পৰিষদীয় সমষ্টিৰ ২০টা গোৱালপাৰা জিলা আৰু ১৬টা কামৰূপ জিলাৰ অন্তৰ্গত।ইতিমধ্যে তিনিটা পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। গোৱালপাৰা জিলাৰ জয়ৰামকুছি সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰেমাজলী ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে । একেদৰে কামৰূপ জিলাৰ খালিহাকোঠ সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী নিৰ্বাচিত হোৱাৰ বিপৰীতে হাহিম সমষ্টিত বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা।নিৰ্বাচন আয়োগে জনোৱা অনুসৰি, বিয়লি ৩ বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । আনহাতে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ৪ এপ্ৰিলত । যদি কোনো সমষ্টিত পুনৰ ভোটগ্ৰহণৰ কোনো প্ৰয়োজনীয়তা আহে তেন্তে সেই ভোটগ্ৰহণ ৩ এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে নিৰ্বাচন আয়োগে ।মুঠ ৬৩০টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত সমষ্টিসমূহৰ মুঠ ভোটাৰৰ সংখ্যা ৪,৪৫,৫৮৬ গৰাকী । ইয়াৰে ২,২৯,৩৯৪ গৰাকী মহিলা আৰু ২,১৬,১৭৭ জন পুৰুষ ভোটাৰ । অন্য়ান্য ভোটাৰ সংখ্যা হৈছে ১১ গৰাকী।পৰিষদটোৰ মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত ২৫ টা সমষ্টি জনজাতি লোকৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে ৬ টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত । সমান্তৰালভাৱে ১১ টা সমষ্টি সংৰক্ষণমুক্ত।