কামৰূপ মহানগৰত বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ মুকলি
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু পশ্চিম মণ্ডলৰ সহযোগত পাণ্ডু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এক বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। উক্ত শিবিৰত কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত সুমিত ছাত্তাৱান মুখ্য অতিথি ৰূপে উপস্থিত থাকে।জিলাখনৰ সমূহ ৰাইজক বিনামূলীয়া চিকিৎসেৱা প্ৰদান কৰাৰ উদ্দেশ্যে মহানগৰৰ ৱাৰ্ড আৰু গাঁও পঞ্চায়তৰ অধীনত মুঠ ৪০ খন বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত কৰা পৰিকল্পনা গ্ৰহণ কৰিছে জিলা স্বাস্থ্য সমিতিয়ে। অনুষ্ঠিত হোৱা প্ৰথমখন শিবিৰত বিশেষজ্ঞ ডাক্তৰৰ দ্বাৰা স্ত্ৰী-প্ৰসূতি, শিশু, চৰ্মৰোগ, চকু, কাণ আদি ৰোগৰ চিকিৎসা সেৱা প্ৰদানৰ লগতে চিকল চেল এনিমিয়া, এইচ আই ভি আদি ৰোগৰো পৰীক্ষণ কৰা হয়। বিশেষকৈ ৩০ বছৰ বয়সৰ ঊৰ্ধৰ লোকসকলৰ অসংক্ৰিমত ৰোগ, যেনে বহুমূত্ৰ, উচ্চ ৰক্তচাপ, কেঞ্চাৰৰ বিনামূলীয়া পৰীক্ষণৰ লগতে মানসিক ৰোগ আৰু যোগাসনৰ ওপৰতো সজাগতা বৃদ্ধি কৰা হ’য়।তদুপৰি যিসকল লোকৰ আয়ুষ্মান কাৰ্ড আৰু আভা কাৰ্ড নাই তেওঁলোকৰ বাবে এই কাৰ্ড সৃষ্টিৰো ব্যৱস্থা কৰা হয়।শিবিৰত অনুষ্ঠিত হোৱা সজাগতা সভাত জিলা উন্নয়ণ আয়ুক্ত পাৰিজাত ভূঞা, জালুকবাৰী সমজিলা আয়ুক্ত ড০ জীৱনকৃষ্ণ গোস্বামী, ৩,৫,৭,৮ নং ৱাৰ্ডৰ পাৰিষদ, কামৰূপ মহানগৰৰ সদ্য বিদায়ী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উদয় শংকৰ মেধি, ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অপূৰ্ব কৃষ্ণ শৰ্মা, পাণ্ডু এফ আৰ ইউৰ উপ অধীক্ষক ডাঃ কুমুদ চন্দ্ৰ ডেকাকে ধৰি বহু কেইজন চিকিৎক-কৰ্মী উপস্থিত থাকে।