মুখ্যমন্ত্ৰীৰ ‘খতম’ শব্দৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি
এয়া মুখ্যমন্ত্ৰীৰ দ্বাৰা হত্যাৰ ভাবুকি দিয়া হৈছে
মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে
কংগ্ৰেছ নেতা হাফিজ ৰশ্বিদ আহমেদ চৌধুৰীৰ সংবাদমেল
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ দুজন ব্যক্তিৰ নাম লৈ তেওঁলোকক খতম কৰি দিয়াৰ যি ভাবুকি প্ৰদান কৰিছে এয়া আইন বিৰুদ্ধ কথা৷ আজি এক সংবাদমেলত বিশিষ্ট আইনজ্ঞ তথা অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হাফিজ ৰশ্বিদ আহমেদ চৌধুৰীয়ে এইদৰে কয়৷ চৌধুৰীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সাংবিধানিক পদত অধিষ্ঠিত এজন মুখ্যমন্ত্ৰী আৰু তেওঁ সকলোৰে প্ৰতি সমভাব দেখুৱাম বুলি শপতগ্ৰহণ কৰিছিল৷ এনে এজন ব্যক্তিয়ে কেনেদৰে আইনৰ উৰ্ধত গৈ দিলোৱাৰ হুছেইন, মহবুবুলহঁতৰ দৰে লোকক খতম কৰি দিম বুলি ক’ব পাৰে৷ চৌধুৰীয়ে কয় যে কোনো লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে আইনৰ দৃষ্টিত তেওঁ অপৰাধী নহয়৷ আইন আদালতে বিষয়টো পৰ্যালোচনা কৰিব আৰু দোষী হ’লে শাস্তি প্ৰদান কৰিব৷ ড০ শৰ্মাই নিজে বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈ কাৰোবক খতম কৰি দিম বুলি কোৱা মানেই হত্যাৰ ভাবুকি দিয়া হৈছে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মুখ্যমন্ত্ৰীৰ এনে বক্তব্যক তীব্ৰভাৱে নিন্দা কৰিছে আৰু এই উচটনিমূলক বক্তব্যৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছে৷ চৌধুৰীয়ে কয় তেওঁ নিজেই এজন আইনৰ ছাত্ৰ আৰু আইনৰ উৰ্ধত কোনো যাব নোৱাৰে৷ মুখ্যমন্ত্ৰীয়ে এনে প্ৰৰোচনামূলক ভাবুকিৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ জৰিয়তে গোচৰ তৰা হ’ব৷ এটা সম্প্ৰদায়ৰ দুজন ব্যক্তিৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে বুলি অভিযোগ কৰি কংগ্ৰেছ নেতাজনে কয় যে ইয়াৰ বিৰুদ্ধে ৰাইজ সজাগ আৰু সচেতন হৈ থাকিব লাগে৷ অসমৰ ৰাইজক মুখ্যমন্ত্ৰীজনৰ সাম্প্ৰদায়িক কথা-বতৰাত প্ৰৰোচিত নহ’বলৈ আহ্বান জনাই চৌধুৰীয়ে কয় যে অসমত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে৷ ৰাজনীতিৰ উৰ্ধত গৈ আমি সমাজত শান্তি-সম্প্ৰীতি বজাই ৰাখিব লাগিব৷ পৱিত্ৰ ঈদৰ দিনটোত মুছলমান লোকৰ আৱেগ-অনুভূতিত আঘাত হানিব পৰা যি বাৰ্তা তেওঁ প্ৰেৰণ কৰিছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাজনে কয় যে ঈদৰ দিনা বিদ্যালয়সমূহ খোলা ৰাখি এইখন চৰকাৰে বিগত ৭৫ বছৰৰ নিয়ম আৰু পৰম্পৰা ভংগ কৰিছে৷ ঈদৰ আগদিনা নিশা অসমৰ শিক্ষা বিভাগৰ তৰফৰ পৰা ঈদৰ দিনা বিদ্যালয় খোলা ৰাখি ছাত্ৰদিৱস পতাৰ যি নিৰ্দেশনা জাৰি কৰিছে সেয়া দুটা জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি সৃষ্টিৰ নামন্তৰ বুলি উল্লেখ কৰি তেওঁ কয় যে এনেবোৰ ঘটনাই অসমৰ সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতিত ব্যাঘাত জন্মিব৷ বহু শিক্ষক বিদ্যালয়লৈ যাবলগীয়া হোৱাৰ বাবে ঈদৰ নামাজৰ পৰি বঞ্চিত হ’বলগীয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ তেওঁ কয় ঈদ হ’ল সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক প্ৰতীক৷ আমি সকলোৱে ঈদৰ দিনা ইজনে-সিজনৰ প্ৰতি মৰম, চেনেহ আৰু ভক্তিভাৱ প্ৰদৰ্শন কৰো৷ কিন্তু এইবাৰ চৰকাৰে ঈদৰ দিনা বিদ্যালয় খোলা ৰাখি মুছলমান ৰাইজৰ প্ৰতি অন্যায় কৰিছে৷ চৌধুৰীয়ে লগতে কয় যে দিলোৱাৰহঁতৰ দৰে লোকক খতম কৰিবলৈ বিজেপিৰ জন্ম হৈছে বুলি যি মন্তব্য প্ৰকাশ কৰিছে সেয়া ভাৰতীয় জনতা পাৰ্টীৰ দলীয় স্থিতি নেকি? এই কথা স্পষ্ট কৰিবলৈ তেওঁ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক আহ্বান জনায়৷ সংবাদমেলখনত জ্যেষ্ঠ কংগ্ৰেছ নেতা মেহদী আলম বৰা উপস্থিত থাকে৷ সংবাদমেলখন পৰিচালনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই৷