৫-৬ এপ্ৰিলত গুৱাহাটীত ৰাজ্যিক ভিত্তিত সাংবাদিকৰ মাজত প্ৰাইজমানি বেডমিন্টন টুৰ্ণামেণ্ট

৫-৬ এপ্ৰিলত গুৱাহাটীত ৰাজ্যিক ভিত্তিত সাংবাদিকৰ মাজত প্ৰাইজমানি বেডমিন্টন টুৰ্ণামেণ্ট

ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত সদৌ অসম ভিত্তিত এখনি প্ৰাইজমানি বেডমিন্টন টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে । গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁওস্থিত মডাৰ্ণ ইংলিচ স্কুলৰ বেডমিন্টন একাডেমীৰ ইন্ডোৰ ষ্টেডিয়ামত অহা ৫ আৰু ৬ এপ্ৰিলত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত, ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসম আৰু অসম বেডমিন্টন সন্থাৰ সহযোগত এই টুৰ্ণামেণ্ট অনুস্থিত হ’ব। ৰাজ্যৰ মুঠ ১৫০ গৰাকীৰো অধিক সাংবাদিকে এই টুৰ্ণামেণ্টত অংশ গ্ৰহণ কৰাৰ আশা কৰা হৈছে । টুৰ্ণামেণ্টত অংশ গ্ৰহণকাৰী সাংবাদিকসকলে ব্যক্তিগত শাখাত ৩০০ টকা আৰু দলীয় শাখাত ১০০০ টকাকৈ যোগদান মাচুল জমা দিব লাগিব ৷সকলো প্ৰতিযোগিকে অহা ২ এপ্ৰিল তাৰিখৰ ভিতৰত তেওঁলোকৰ যোগদান নিশ্চিত কৰিবৰ কাৰণে অনুৰোধ জনাইছে আয়োজক সমিতিৰ হৈ সন্থাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি অনিৰুদ্ধ যাদৱ আৰু সম্পাদক উদয়জিৎ বুঢ়াগোহাঞিয়ে। গুৱাহাটীৰ বাহিৰৰ সাংবাদিক খেলুৱৈসকলৰ বাবে নিশা কটোৱাৰ বাবে ব্যৱস্থা কৰা হৈছে বুলি আয়োজক সকলে জানিবলৈ দিছে । টুৰ্ণামেন্টত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্ছুক সাংবাদিক খেলুৱৈ সকলক ৮৪০৩০০৩০৩১ / ৮৬৩৮৩৩০৮৭২ নম্বৰত নিজৰ নিজৰ পৰিচয় পত্ৰৰ প্ৰতিলিপিসহ অহা ২ এপ্ৰিল তাৰিখৰ ভিতৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে সন্থাৰ সভাপতি/ সম্পাদকে ।