যুৱ উচ্ছৃংখলতা : সমাজৰ মাৰাত্মক ব্যাধি-স্বৰূপ
নাছিৰ আহমেদ ,শিমলাবাৰী ,গোৱালপাৰা
মানৱ-জীৱনৰ গৰিষ্ঠ সংখ্যক ব্যক্তিয়েই হ’ল যুৱ-সমাজ ; কেৱল সেয়াই নহয়, তেওঁলোক অসীম শক্তিৰ অধিকাৰীয়ো। যুৱ-চামেই হৈছে সমাজৰ মূল নিৰ্ণায়ক শক্তি বা ধৰণী-স্বৰূপ। এখন সমাজৰ প্ৰগতি সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰে যুৱক-যুৱতীসকলৰ সামৰ্থ্য আৰু সিহঁতৰ ব্যক্তিত্বৰ ওপৰত।
আমি যদি প্ৰাক-বুৰঞ্জী যুগৰ পৰা (Pre-historical age) পুৰণি আৰু বৰ্তমান আধুনিক যুগৰ বুৰঞ্জী ফঁহিয়াই চাওঁ,দেখিম যে, এই যুৱ-চামেই অৰ্ধ-সভ্য যুগত পাহাৰে -পৰ্বতে অনাই বনাই ঘূৰি ফুৰি ফলমূল সংগ্ৰহ আৰু পশু-পক্ষী চিকাৰ কৰাৰ পৰা সামন্ত আৰু ৰাজতন্ত্ৰ যুগত সামন্ত প্ৰভু আৰু ৰাজ-পৰিয়াদৰ সুখ-স্বাচ্ছ্বন্দৰ বাবে ধন সংগ্ৰহ ,শ্ৰম প্ৰয়োগ, দেশৰ সুৰক্ষা আদি কৰ্মত মনোনিবেশ, গণতন্ত্ৰ আৰু সমাজতন্ত্ৰ যুগত যুৱ-চামেই ‘ দুৰ্গম গিৰি,কান্তাৰ মৰু,দুস্তৰ পাৰাপাৰ’ লঙ্ঘন কৰি হ’লেও মানৱ সভ্যতাক পৰিপূৰ্ণতা দান কৰিছিল।
সেউজ বিপ্লৱ, ব্যৱসায় -বাণিজ্য প্ৰসাৰ, কল-কাৰখানাত উৎপাদন বৃদ্ধি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভুতপূৰ্ব সাফল্য,ভূ-গৰ্ভ, সাগৰৰ অতল তলি, পৰ্বতৰ অতুচ্ছ শৃঙ্গ আৰু আকাশৰ বুকুত দুঃসাহসিক অভিযান আদিত অভুতপূৰ্ব সাফল্যৰ গুৰিতেই হ’ল যুৱ-সমাজৰ অংশ গ্ৰহণ।
বিশ্বৰ বৃহৎ বৃহৎ আন্দোলনতো যুৱ-চামৰ মহান ত্যাগ আৰু আদৰ্শৰ উদাহৰণ বিশ্ব ইতিহাসত জিলিকি আছে। যেনে — ফৰাচী বিপ্লৱ, ৰাছিয়াৰ কমিউনিষ্ট আন্দোলন, আমেৰিকাৰ স্বাধীনতা আন্দোলন, ৰঙা চীন আন্দোলন, ভিয়েটনামৰ যুদ্ধ, ভাৰতৰ স্বাধীনতা সংগ্ৰাম, বাংলাদেশৰ মুক্তি যুদ্ধ, দাস প্ৰথা ৰোধ আন্দোলন, শিল্প বিপ্লৱ, কৃষক-শ্ৰমিক আন্দোলন, নাৰী মুক্তি আন্দোলন, ভাৰতৰ সামন্ত তান্ত্ৰিক ধ্যান ধাৰণাত গঢ়ি উঠা বাল্যবিবাহ, সতীদাহ প্ৰথা,নৰবলি প্ৰথা, কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামীৰ বিৰুদ্ধেও এই যুৱ-চামেই সোচ্চাৰ হৈ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল।
তদুপৰি, বিশ্বৰ বিভিন্ন প্ৰান্তত যুগে যুগে সংঘটিত হোৱা ধৰ্ম-যুদ্ধ,গৃহ-যুদ্ধ, সীমান্ত সুৰক্ষা যুদ্ধতো অগ্ৰগামী ভূমিকা পালন কৰাৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি, সংগীত আৰু সাহিত্য, জ্ঞান-বিজ্ঞান ,ধৰ্ম, ইতিহাস, দৰ্শন, ক্ৰীড়া আদি সংগ্ৰহ, সংৰক্ষণ, বিকাশ আৰু সমৃদ্ধিশালী কৰি বিশ্বৰ বুকুত বিভিন্ন জাতি-জনগোষ্ঠীৰ সৃষ্টিত অৰিহণা যোগাই আঞ্চলিকতাবাদ, জাতীয়তাবাদ, আন্তৰ্জাতিকতাবাদ আৰু মানৱতাবাদক সজীৱ কৰি ৰাখিছিল এই যুৱ-চামেই।
মানৱ-সমাজৰ এই গুৰুত্বপূৰ্ণ অংশ যুৱ-চামৰ বিশ্ব সভ্যতা বা মহান সমাজ গঠনত ইমান অৱদান থকা সত্ত্বেও সাম্প্ৰতিক যুগত এই যুৱ-চামেই সমাজৰ মহৎ বুদ্ধিজীৱী তথা চিন্তাশীল ব্যক্তিসকলৰ দ্বাৰা গৰিহণা,কৰ্কথনা, ধিক্কাৰৰ সন্মুখীন হৈছে তেওঁলোকৰ উচ্ছৃংখল আচৰণৰ বাবে।
বিশ্বৰ বিভিন্ন প্ৰান্তত যুৱ-চামৰ বেছিভাগেই নৈতিক অধঃপতনৰ চৰম সীমালৈ অধঃপতিত হৈ অপৰাধ জগতৰ বিভিন্ন কু-কৰ্মত লিপ্ত হৈ চৌৰ্য কৰ্ম, ডকাইতি, লুণ্ঠন,অপহৰণ, বলপূৰ্বক ভাৱে ধন সংগ্ৰহ বা চান্দা আদায়, সন্ত্ৰাস, ধৰ্ষণ,লুণ্ঠন, বোমা বিস্ফোৰণৰ দ্বাৰা ধন-জন-বল হানি, ক’লা বজাৰ সৃষ্টি, জাল নোট প্ৰচলন, নকল সোণৰ ব্যৱসায়, মদ, ভাং আৰু ড্ৰাগছ সেৱন আৰু পাচাৰ, জুৱা -তীৰ -এণ্ডিং আদিত উন্মত্ত, ম’বাইলৰ অপ-প্ৰয়োগ, ছছিয়েল মিডিয়াত নানা অশ্লীল কাৰ্য-কলাপ, ব্লু ফ্লিম প্ৰচাৰ, হেক কৰি ধন লুণ্ঠন, চাইবাৰ ক্ৰাইম আদি বিভিন্ন বীভৎস কৰ্মত জড়িত হৈ পৰিছে। তাৰ উপৰিও পিতৃ-মাতৃ, অভিভাৱক -গুৰুজন আৰু জ্যেষ্ঠ জনক অশ্ৰদ্ধা আৰু ভীতি-প্ৰদৰ্শন আদি অসৎ আচৰণৰ দ্বাৰা যুৱ-চাম সাম্প্ৰতিক যুগৰ একো একোজন হিংস্ৰ দানৱ-দৈত্যত পৰিণত হৈছে। সমাজৰ সকলো নিয়ম-নীতি, ধৰ্মীয় আচাৰ-অনুষ্ঠান, দেশৰ সংবিধানক বৃদ্ধাংগুষ্ঠ দেখুৱাই এই অসৎ যুৱ-চামেই সমাজক এখন নৰককুণ্ডলৈ পৰিণত কৰিছে।
এসময়ত বিশ্ব ইতিহাসত মহৎ অৱদানেৰে জিলিকি থকা এই যুৱ-চামৰ গৰিষ্ঠ সংখ্যকেই সাম্প্ৰতিক কালত উচ্ছৃংখল হোৱাৰ মূল কাৰণসমূহ ঠিৰাং কৰি বিশুদ্ধ ঔষধ প্ৰয়োগ কৰিব পাৰিলেহে এই সমস্যাৰ আশু সমাধান সম্ভৱ।
এতিয়া আমি সংক্ষেপে যুৱ-উচ্ছৃংলতাৰ মূল কাৰণসমূহ ফঁহিয়াই চাবলৈ প্ৰয়াস কৰিম।
(১) ধন তান্ত্ৰিক শাসন ব্যৱস্থাৰ কুফল:- ধন তান্ত্ৰিক শাসন ব্যৱস্থাৰ মূল ভেঁটি হ’ল প্ৰতিযোগিতামূলক বজাৰ সৃষ্টিৰ মাজেৰে ব্যক্তিৰ মুনাফা লাভৰ পথ সুগম কৰা। এই শাসন-ব্যৱস্থাক কটকটীয়া কৰিছে বিশ্বৰ মুক্ত বাণিজ্য (Liberalism in World Trade & Commerce) আৰু বিশ্বায়ন অৰ্থনীতিয়ে (Globalism)। যাৰ ফলশ্ৰুতিত দেশৰ মুষ্টিমেয় পুঁজিপতি কৰ্প’ৰেট গোষ্ঠীৰ হাতত কোটি কোটি ডলাৰ সঞ্চয় হৈছে। পুঁজিপতি কৰ্প’ৰেট গোষ্ঠীয়ে এই কোটি কোটি ডলাৰ সঞ্চিত ধনেৰে গঢ়ি তুলিছে আকাশ-লঙ্ঘী প্ৰাসাদোপম অট্টালিকা, ক্ৰয় কৰিছে অত্যাধুনিক যান-বাহন, আ-অলংকাৰ, আচবাব পত্ৰ আদি।
তাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ সমাজৰ দুখীয়া শ্ৰেণী বা নিম্ন মধ্য বিত্ত (Lower Middle Class) যুৱ-চামৰ ওপৰত পৰাটো খাটাং।
(২) অসুস্থ প্ৰতিযোগিতা:- সমাজৰ সকলো স্তৰতে এক অসুস্থ প্ৰতিযোগিতা বা এন্দুৰ দৌৰ আৰম্ভ হোৱাৰ ফলত যুৱ-শ্ৰেণী ক্ৰমান্বয়ে উচ্ছৃংখল হৈ পৰিছে।
কোনো শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, কলা, কৃষ্টি সংস্কৃতি আৰু সাহিত্য সভা বা ৰাজনীতিৰ পথাৰখনতো এক অসুস্থ প্ৰতিযোগিতা ক্ৰমাৎ বাঢ়ি গৈ আছে।
ক্ৰীড়া জগত বা বোলছবিৰ জগতত খেলুৱৈ,খেল পৰিচালক, অভিনেতা, অভিনেত্ৰীৰ লগতে বোলছবিৰ প্ৰযোজক, পৰিচালকৰ নিকৃষ্টতম আচৰণে যুৱ-চামক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে। যাৰ ফলত ধনী বা দুখীয়া সৰ্বস্তৰৰ যুৱ-চামেই ক্ৰমে ‘ বাহুবল বা ধনবল’ কে জীৱনৰ মূল মন্ত্ৰ হিচাপে গ্ৰহণ কৰি জঘন্যতম পাপ কাৰ্যত লিপ্ত হৈ পৰিছে।
(৩)নৈতিক আৰু সাংস্কৃতিক অৱক্ষয়:- শ্ৰেষ্ঠ মানৱ সভ্যতা গঢ়াৰ আঁৰত আছে হাজাৰ হাজাৰ বছৰৰ চিন্তাশীল সাধক পুৰোধা ব্যক্তি সকলৰ নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা। এই পৰীক্ষা-নিৰীক্ষাৰ কষটি শিলত কৰ্ষিত হৈ হৈ সৃষ্টি হৈছে নানা কল্প-কাহিনী, সাধুকথা, উপদেশমালা, নানা বচন আৰু বাণী, সাৰমৰ্ম, নীতিশিক্ষামূলক শাস্ত্ৰ, সামাজিক তথা ধৰ্মীয় আচাৰ-অনুষ্ঠান, দেশৰ নানা আইন-কানুন, সংবিধান, দৰ্শন, ধৰ্ম, ভূগোল, বিজ্ঞান, সাহিত্য- কলা -কৃষ্টি- সংস্কৃতি।
এই আটাইবোৰৰ সংমিশ্ৰণত মানৱ সমাজত এক বিশুদ্ধ নৈতিকতা বা উচ্চ নৈতিক মূল্যবোধ (High standard moral ethics) । কিন্তু পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত এই উচ্চ নৈতিক মূল্যবোধসমূহৰ অৱক্ষয় অনিবাৰ্য হৈ পৰিছে। আনহাতে বৰ্তমান যুগোপযোগী কোনো নতুন মূল্যবোধ সৃষ্টি নোহোৱাৰ ফলত আদৰ্শৰ ক্ষেত্ৰত সমাজ জীৱনত এক বিৰাট শূন্যতাৰ সৃষ্টি হৈছে।
বিশেষকৈ আমাৰ দেশত দেশজ সংস্কৃতিৰ অপমৃত্যু ঘটি পাশ্চাত্য জগতৰ বিজতৰীয়া সংস্কৃতি প্ৰৱেশ কৰি আমাৰ ভাৰতীয় তথা অসমীয়াৰ সমাজ জীৱন কলুষিত কৰি পেলাইছে।
প্ৰাচ্য সমাজৰ লগত খাপ নোখোৱা বিকৃত যৌন আচৰণ,নগ্ন পোছাক-পৰিচ্ছদ পৰিধান, বিকৃত নৃত্য-গীত, সৌন্দৰ্য্য প্ৰতিযোগিতা, বীভৎস মল্ল যুদ্ধ আদি টিভি বা ম’বাইলৰ স্ক্ৰীনত দেখি প্ৰাচ্য দেশৰ যুৱ-চামেই এই কৃত্ৰিম জীৱন ধাৰাত অতিষ্ঠ হৈ ইয়াংকিৰ জীৱন-যাপন কৰিবলৈ বাধ্য হৈছে।
(৪) ভুল শিক্ষা নীতি:- এতিয়ালৈকে যুগৰ প্ৰয়োজন মিটাব নোৱাৰা ভুল শিক্ষা নীতিয়ে যুৱ-চামক শুদ্ধ আৰু সঠিক পথৰ সন্ধান দিব পৰা নাই।
এপিনে ধনী দেশসমূহৰ শিক্ষা নীতি উচ্চ মানৰ যদিও যথেষ্ট ব্যয়-বহুল। আনহাতে দুখীয়া দেশসমূহৰ চৰকাৰী শিক্ষা ব্যৱস্থা খুবেই নিম্ন মানৰ। বেচৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থা কিছু উন্নত যদিও খুবেই ব্যয়বহুল। এনে পাৰ্থক্যৰ বাবে ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান ক্ৰমে বাঢ়িবলৈ লৈছে। গতিকে, এই ভুল শিক্ষা নীতিয়ে যুৱ-চামৰ মাজত উচ্ছৃংখলতাৰ বীজ ৰোপণ কৰাথ কাৰক হৈ পৰিছে।
(৫) নিবনুৱা সমস্যা:- সাম্প্ৰতিক কালত গোটেই বিশ্বজুৰি ( ধনী আৰু দুখীয়া দেশসমূহত) নিবনুৱা সমস্যা এক জটিল ৰূপ ধাৰণ কৰিছে। ভুল শিক্ষা নীতি বা ন্যূনতম সুবিধা লাভ কৰি হ’লেও যুৱ-শ্ৰেণীয়ে একান্ত নিজৰ চেষ্টাৰ বলতেই অৰ্হতা লাভ কৰা সত্ত্বেও কৰ্ম-সংস্থান লাভ কৰিব নোৱাৰি হতাশ-গ্ৰস্ত হৈ পৰিছে। উদাহৰণ স্বৰূপে আমাৰ অসমৰ দৰে সৰু ৰাজ্য এখনত বৰ্তমান নিবনুৱাৰ সংখ্যা ৩৫ লক্ষাধিক।
(৬)পৰিবেশ প্ৰদূষণ:- নানা বৈজ্ঞানিক আৱিষ্কাৰে এপিনে মানৱ সভ্যতাক সমৃদ্ধিশালী কৰিছে, আনপিনে পৰিৱেশ প্ৰদূষণ ঘটাই মানৱ সমাজ ধ্বংসৰ পিনেও ঠেলি দি আছে।
অত্যাধুনিক যুদ্ধৰ আগ্নেয়াস্ত্ৰৰ পৰীক্ষা-নিৰীক্ষা আৰু প্ৰয়োগ,ভূগৰ্ভ, পৃথিৱীৰ পাদদেশ আৰু আকাশ মাৰ্গত আনবিক আৰু পৰমাণৱিক পৰীক্ষা-নিৰীক্ষা, য’তে ত’তে বৃহৎ বৃহৎ কল-কাৰখানা স্থাপন, আকাশ-লঙ্ঘী অট্টালিকা নিৰ্মাণ, থল-জল-আকাশত নানা যান-বাহনৰ ধোঁৱা নিৰ্গত আৰু খাদ্য সামগ্ৰী উৎপাদন বৃদ্ধিৰ বাবে কৃত্ৰিম সাৰ আৰু কীটনাশকৰ ঔষধ প্ৰয়োগ ইত্যাদি ইত্যাদি কাৰণত বৰ্তমান বিশ্বখন এক গছ-গছনি বিহীন মৰু-সদৃশ ভাৰসাম্যহীন প্ৰাকৃতিক বলয়ত পৰিণত হৈছে ; যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰাৰ বাবে বা বিভিন্ন কাৰণত অসংখ্য যুৱক বা যুৱতীৰ মস্তিষ্কৰ ত্ৰুটিৰ বাবে যুৱ-চামে উদ্ভুত আচৰণ (Absurd) আৰু বি-সদৃশ্য আচৰণ যেনে ,Behaviral disorder, Mental disorder,Sociopath or Psychopath, Anxiety disorder, Bipolar disorder,Depression, Sexual Sadism , Psychotic disorder, Psychological disorder, Psychosomatic disorder, Post- Traumatic Stress Disorder ( PTSD) Schizophrenia, Eating disorder, Disruptive behaviour and dissocial disorders, Neurodevelopmental disorders etc.আদি দুৰাৰোগ্য মানসিক ৰোগত আক্ৰান্ত হৈ নানা ধ্বংসাত্মক কাৰ্য বা অপৰাধ জগতত প্ৰৱেশ কৰি চৰম উচ্ছৃংখল হৈ পৰিছে।