চেন্নাই এপ’ল হস্পিটেলত
ইভা গন্ধীয়া ফুকন
সিদিনা মই চেন্নাই এপ’ল হস্পিটেলত আছিলোঁ
হস্পিটেলৰ প্ৰবেশ পথত
ধুতি পায়জামা ডিঙিত ফুলাম গামোচাৰে
এজন সুদৰ্শন পুৰুষ
হাতযোৰ কৰি কৰি আদৰণি জনায়
যেন ভি আই পিহে আমি
লগত ৰোগী লৈ ডাক্তৰৰ অপেক্ষাত
ৰিছিপচনিষ্টে ক’লে ডাক্তৰ আহিল
সোমাই গ’লো ডাক্তৰৰ চেম্বাৰত
সোমাইয়ে জনালোঁ সম্ভাষণ গুদ্ মৰ্নিং
প্ৰতি সম্ভাষণ গুদ মৰ্ণিং
হিন্দীতে বাৰ্তালাপ
পেকেজ লৈ চিকিৎসা কৰাৰ সুবিধা বুজালে
ডাক্তৰৰ কথাত ভোলগৈ কৰিলো হা
ৰোগীৰো অৱস্থা ভাল বুলি ক’ব নোৱাৰা
আহিল ফৰ্ম ভৰ্তিৰ পাল
মহা বুৰ্ববকৰ দৰে একো নপঢ়ি
কৰিলো ফৰ্মত চহী
কেতিয়াবা মহা বুৰ্ববকৰ দৰে চহী কৰিও ভাল লাগে
কেতিয়াবা নিৰ্বোধ হৈ ভাল লাগে
আমি যে দূৰণিবটীয়া
উদেশ্য যিমান সোনকালে পাৰি
ৰোগীক ভাল কৰি নিয়া
পঠালে সন্মুখৰ হেল্থকেয়াৰ বিলডিংলৈ
উঠি গ’লো লিফ্টেৰে এক নং ফ্লৰলৈ
ভিৰ ফালি এটাৰ পাছত এটাকৈ কৰালো পৰীক্ষা
নাম কেতিয়া মাতিব বুলি অপেক্ষা কৰি কৰি
এক বজাত ৰোগীক বোলে খোৱাব লাগে
আনিলে তলৰ কেণ্টিনলৈ
তাতে দিলে চেন্নাইৰ আহাৰ
খাই হ’ল পেট টুলটুলীয়া
আকৌ বাকী থকা পৰীক্ষা কৰা
দিনটো শৰীৰৰ সকলো পৰীক্ষা কৰি
ৰিপোৰ্ট বোলে পাছদিনা ইয়াতে পাবা
সকলবিলাক তাৎক্ষণিক
তাতে লগ পালো বহু অসমীয়া
তেতিয়া ভাবিবলৈ বাধ্য হ’লো
অসমৰ চিকিৎসা সেৱাৰ কথা।