চৰ্মৰোগ বিশেষজ্ঞ ডা: পংকজ অধিকাৰী সঁচাকৈয়ে এগৰাকী মানৱ দৰদী চিকিৎসক
হেৰম্ব নাথ
চিকিৎসা সম্বন্ধীয় কথা-বতৰা পাতিলে প্ৰায়েই কোৱা শুনো যে আমাৰ অসমত হেনো ভাল চিকিৎসক নাই, তদুপৰি নাই চিকিৎসা সংক্ৰান্তীয় পৰ্যাপ্ত সা-সুবিধা। এনে কথা-সমালোচনাই সৰ্বসাধাৰণ মানুহক চিন্তিত নকৰাকৈ নাথাকে। তদুপৰি নেতিবাচক সমালোচনা বা কথাবোৰ সমাজত অতি সহজতে বিয়পে; যাৰ বাবে সঁচা-মিছা বিচাৰ কৰাত চৰম অসুবিধাৰ সৃষ্টি হয় আৰু ইয়াৰ ফলশ্ৰুতিতে ৰোগী সমন্বিতে ৰোগীৰ পৰিয়ালৰ সদস্যসকল মানসিকভাবে ভাগি পৰে। আচলতে, এনেধৰণৰ কথাবোৰ ভুক্তভোগীক বাহিৰে আন মানুহে অনুভব কৰিব নোৱাৰে কিজানি। প্ৰসংগক্ৰমে, মোৰ জন্মদাতা মাতৃদেৱীৰ কথাই ক’ব খুজিছোঁ— মোৰ মায়ে যেতিয়া চৰ্মৰোগ(Autoimmune)ত আক্ৰান্ত হৈছিল তেতিয়া আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি বহু শিক্ষিত চিনাকি মানুহে মোৰ মাক দক্ষিণ ভাৰতৰ ব্যায় বহুল এপ’লো হস্পিটেলত ভৰ্ত্তি কৰাবলৈ পৰামৰ্শ প্ৰদান কৰিছিল। ইজনৰ পিছত সিজনৰ দিহা-পৰামৰ্শবোৰ শুনি বিৰক্ত হৈ পৰিছিলোঁ। চিন্তা জৰ্জৰিত এই সময়খিনিতে মই মোৰ দেউতাৰ ভাগিন জোঁৱাই দৰং জিলাৰ অভিজ্ঞ মেডিচিন বিশেষজ্ঞ ডা: ধৰ্মকান্ত নাথৰ লগত আলোচনা কৰিলোঁ, লগে লগে তেখেতে পৰামৰ্শ প্ৰদান কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৰ্মৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডা: পংকজ অধিকাৰী ছাৰৰ অধীনত চিকিৎসা গ্ৰহণ কৰিবলৈ। ছাৰে মোৰ মা’ৰ শাৰীৰিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি হস্পিটেল(জি এম চি এইচ)ত ভৰ্ত্তি কৰাবলৈ নিৰ্দেশ দিলে, সেই অনুসৰি মাক সংশ্লিষ্ট বিভাগ(চৰ্মৰোগ)ত ভৰ্ত্তি কৰালোঁ। কি আচৰিত— ভবাতকৈ কম সময়ৰ ভিতৰতে মোৰ মায়ে আৰোগ্য লাভ কৰিলে। যেন এক যাদু! মা’ৰ আৰোগ্য লাভৰ ক্ষীপ্ৰতা দেখি এনে লাগিছিল যে আমাৰ পৰিয়ালটোৰ বাবে ডা: অধিকাৰী ছাৰ ভগৱানৰ অৱতাৰ।
অকালতে দুগৰাকী কন্যা সন্তান ঢুকুৱা বেদনাৰ জুইকুৰা জ্বলি থকা সময়খিনিতে মা’ৰ শৰীৰত দেখা দিয়া উক্ত ৰোগটোৱে আমাৰ পৰিয়ালটোলৈ ঘোৰ অমানিশা কঢ়িয়াই আনিছিল। দিশহাৰা হৈ পৰিছিলোঁ ক’ভিডে দূৰ্বল কৰা পিতৃৰ লগতে তিনি ভাই-ককাই। উজাগৰে কটাইছিলোঁ কেইবাটাও নিশা! আজি ডা: অধিকাৰী ছাৰৰ বাবে মোৰ মা সম্পূৰ্ণ আৰোগ্য আৰু পৰিয়ালটোও চিন্তামুক্ত। ছাৰৰ সান্নিধ্য লাভ কৰা ব্যক্তি মাত্ৰেই এই কথাষাৰ নি:সংকোচে ক’ব যে ডা: পংকজ অধিকাৰী ছাৰ কেৱল সুখ্যাত চৰ্মৰোগ বিশেষজ্ঞই নহয়, সঁচা অৰ্থত ৰোগীৰ দুখ-বেদনা হৃদয়ংগম কৰিব পৰা এগৰাকী অন্তৰ্যামী ব্যক্তি। যিজন ব্যক্তিক সমুখত দেখা মাত্ৰকে ভক্তি ওপজে, বাৰুকৈয়ে অনুভব হয় দৈৱিক গুণেৰে বিভূষিত এক মহান ব্যক্তিসত্তা বুলি। ছাৰ দীৰ্ঘজীৱী হওঁক, তাৰেই কামনা কৰিছোঁ নেদেখাজনৰ ওচৰত।