শ্বিলঙত আজি নৰ্থ-ইষ্টৰ সন্মুখত জামছেদপুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ দ্বিতীয়খন প্লে-অফ মেচত নর্থ-ইষ্ট ইউনাইটেড এফচিয়ে জামছেদপুৰ এফচিৰ বিৰুদ্ধে আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত খেলিব।প্ৰথমবাৰৰ বাবে আইএছএলৰ নকআউট মেচত পৰস্পৰৰ বিৰুদ্ধে মুখামুখি হ’ব দুয়োটা দল। ইফালে, প্ৰথমবাৰৰ বাবে আইএছএলৰ মেচ আয়োজন কৰা শ্বিলঙে প্লে-অফ খেল আয়োজন কৰিও ইতিহাস গঢ়িব। এইবাৰ শ্বিলঙত নর্থ-ইষ্ট ইউনাইটেডে দ্বিতীয় ঘৰ হিচাপে আইএছএলৰ অন্তিম তিনিখন মেচ খেলিছিল। আজিৰ মেচলৈ ঘৰুৱা দলটো আত্মবিশ্বাসী। অন্তিম দুখন মেচত জয়লাভ কৰি ইতিবাচক হৈ থকা নর্থ-ইষ্ট ইউনাইটেডৰ সন্মুখত জামছেদপুৰে চাপত খেলিব লাগিব। কাৰণ দলটোৱে লীগৰ অন্তিম দুখন মেচত পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল। অৱশ্যে প্লে-অফৰ চাপ নৰ্থ-ইষ্ট ইউনাইটেডৰ শিবিৰতো থাকিব। নর্থ-ইষ্ট ইউনাইটেডৰ আক্ৰমণাত্মক গতিশীলতা এই ছিজনৰ সাফল্যৰ মূল আহিলা। আলাউদ্দিন আজাৰাইৰ গ’ল কৰাৰ যাদুৱে ঘৰুৱা দলটোৰ সফলতাত উল্লেখনীয় ভূমিকা ল’ব। ২৪খন মেচত তেওঁ ২৩টা গ’ল কৰিছে। আজিৰ মেচৰ পূৰ্বে নর্থ-ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্র’ বেনালিয়ে কয় ‘আমি কোনো অজুহাত নেদেখুৱাই যেতিয়াই সুযোগ আহিব তেতিয়াই গ’ল দিব লাগিব। আমি আমাৰ সুযোগক ৰূপান্তৰ কৰিব লাগিব। লগতে মনোনিবেশ কৰিব লাগিব জামছেদপুৰৰ বিশেষ শৈলীৰ খেল বন্ধ কৰা।’