পশুত্বৰ সীমা উলংঘন: মানৱতাৰ কলংক
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
বতাহত উৰি অহা উজাগৰেৰে ভৰা এই সমাজত, কিছু অমানৱীয় হৃদয়ৰ লোকৰ অত্যাচাৰত নিষ্পাপ প্ৰাণীবোৰে বিশেষকৈ পথৰ কুকুৰবোৰে প্ৰতিদিনে মৃত্যুৰ দণ্ড ভোগ কৰে। তাৰ কি কোনো ন্যায় আছে? কোনো আদালত আছে? কোনে কৰিব তেঁওলোকৰ বিচাৰ? কোনে দিব এই নিস্পাপ প্ৰাণীবোৰক ন্যায়,,?
তেন্তে কি কিছুমান মানুহৰ হৃদয়ৰ পৰা মৰম, দয়া, আৰু সহানুভূতি সম্পূৰ্ণৰূপে লোপ পায় গৈছে?তেওঁলোক সঁচাকৈয়ে মানুহৰ শাৰীত পৰে জানো?
নগৰৰ অলিগলিৰে ঘূৰি ফুৰা এই অবলা প্ৰাণীবোৰক কেতিয়াবা এজাক নৰপিশাচে বিষ খুৱাই মাৰে, কেতিয়াবা পিঠি-ডিঙিত উত্পীৰণৰ জুই জ্বলাই দিয়ে। কোনো ধৰণৰ ভুল নথকা স্বত্বেও কোবাই ভৰি এখন ভাঙি দিয়ে। কেতিয়াবা সিহঁতৰ শৰীৰৰ ছাল পৰ্য্যন্ত চিঙি দিয়ে। চলন্ত গাড়ীৰ তলত পৰি মৃত্যুক সাৱটি লোৱা, চকুৰে জীৱন বিচৰা কুকুৰবিলাকৰ কৰুণ অশ্ৰুৰ টোপালত কি আমাৰ মানুহ জাতিৰ বিবেক জোকাৰি নাযায়? নে আমি যান্ত্ৰিক সভ্যতাৰ হিংস্ৰ নটিনী হৈ, নৈঃশব্দক সহায় কৰি কৃপাহীন সমাজৰ কফিনত কুঁদুলি মাৰোঁ?
যিসকলক আমি “নৈঃশব্দ্যৰ ৰক্ষক” বুলি অভিহিত কৰোঁ, সেইসকলেই যদি মাৰি পিটি সিহঁতৰ পিঠি ফালি নিয়ে, ক’ৰবাৰ কোনোবা হিংস্ৰ হাত যদি গাৰ ছাল খুলি পেলায়, ক’ত যাব এই অবলা প্ৰাণীবোৰ? ইমান নিষ্ঠুৰ, ইমান পাষাণ হৃদয়ৰ মানু্হ কিদৰে জন্মে? ক’ত গ’ল আমাৰ মনুষ্যত্ব?
আজি এঠাইলৈ গৈ থাকোঁতে দেখা পোৱা এই ঘৃণনীয় দৃশ্য এতিয়াও ভৱাই তুলিছে। কুকুৰ এটাৰ গুপ্তাঙ্গৰ ছাল বাকলি গুচাই দিছে কোনোবা এক নৰপিশাছে। কি পালে এই কুকৰ্ম কৰি নাজানো,, বেছেৰাটোৱে খোজ পৰ্য্যন্ত কাঢ়িব পৰা নাই। বিষত কেকাই আছে। ইমান বেছি নিষ্ঠুৰতা,,?
পথৰ কুকুৰবোৰৰ দোষ কি? সিহঁত মানুহৰ দৰে দুখ অনুভৱ নকৰে নেকি? অভুক্ত থকাৰ যন্ত্ৰণা, মৰম বিচাৰি চকুত টলটলাই উঠা আশাৰ ৰেঙণি, ক’ত আছে তাৰ ৰেহাই? যদি সভ্যতা আৰু মানৱিকতা এতিয়াও জীয়াই আছে বুলি বিশ্বাস কৰোঁ, তেন্তে এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে কিয় আমি আওয়াজ উঠাব নিবিচাৰোঁ,,? মাত কিয় নিদিওঁ?
পৃথিৱীৰ সকলো প্ৰাণীৰ জীৱন একে মূল্যবান। পিছে, যদি আমি কেৱল নিজৰ অস্তিত্বককে স্বীকৃতি দিও, আন প্ৰাণক ঠেলি , মাৰি সুখ অনুভৱ কৰোঁ, তেন্তে কিমান গভীৰ অন্ধকাৰৰ মাজত আমি বিলীন হৈ আছোঁ? ক’ব পাৰিব নে?
যদি এই নৃশংসতা চলি থাকে, তেন্তে এদিন মানৱ জাতিৰ ভৱিষ্যত নিজেই মৃত্যু মুখত পৰিব। সেয়ে জগাই লওক সকলোৰে বিবেক, আওয়াজ তোলক, মাত মাতক এই নিস্পাপ পশুৰ বিৰুদ্ধে, নহ’লে সেই নৈঃশব্দ্যই আপোনাৰ মনুষ্যত্ব লুপ্ত কৰি পেলাব।