শব্দহীন অনুভৱৰ মায়াজাল – নাচিমা য়াচমিন

শব্দহীন অনুভৱৰ মায়াজাল

নাচিমা য়াচমিন, বিশ্বনাথ চাৰিআলি

কিমান অপূৰ্ব এই অনুভৱ, কাৰোবাক নিজৰ মৰমৰ আকৰ্ষণত আবদ্ধ কৰা, যেন বিখণ্ডিত জ্যোতিয়ে আকাশৰ আদৰণি লাভ কৰা।কিমান মোহনীয় সেই মুহূৰ্ত যেতিয়া অপহৃত এটি দৃষ্টি হৃদয়লৈকে প্ৰৱাহিত হয়। কেতিয়াবা গুপ্ত দৃষ্টি নিক্ষেপ, কেতিয়াবা মাত্ৰ অনুভূতিৰে উপলব্ধি, কেতিয়াবা দুৰত্বত লুকাই হাঁহিৰ কোমলতা বিস্তাৰ,যেন এটি গুপ্ত গাঁঠি, যি কেৱল নেত্ৰজ্যোতিত লিখা হৈ আছে। কিমান প্ৰশান্তি কাৰোবাৰ হাঁহি আনন্দৰ উৎস হৈ উঠা,যেন উত্তাৱল সাগৰে ওচৰৰ পাৰ পাই শান্তি লাভ কৰা।কিমান বিস্ময়জনক কাৰোবাৰ বাবে অপৰিহাৰ্য হোৱা, যেন জোনে প্ৰতিনিশা সূৰ্যৰ কোলাত আশ্ৰয় বিচৰা। সেই দৃষ্টি, যি সকলো কথা শব্দহীন ভাষাত ব্যক্ত কৰিব পাৰে,  সেই গুপ্ত অনুভৱ, যি মাত্ৰ হৃদয়ত প্ৰতিফলিত হয়। এইটোকে প্রেমৰ মায়াজাল বোলে, যি একো নোকোৱাকৈয়ে সকলো প্ৰকাশ কৰি দিয়ে।