নীলা খামৰ চিঠি
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
প্ৰিয়…..
তুমি জন।
প্ৰথমে মোৰ হিয়া ভৰা মৰমৰ টোপোলাটি আগবঢ়ালো তোমালৈ বুলি। ভালে আছা ন তুমি? মই ভালেই আছোঁ।
নীলা খামৰ ভিতৰত এই চিঠিখন তোমালৈ পঠিয়াইছোঁ, যদিও জানো তুমি বৰ ব্যস্ত হৈ আছা। তোমাৰ অধ্যয়নৰ এই সময়খিনি কিমান গুৰুত্বপূর্ণ, সেয়া মই বুজি পাওঁ। তোমাৰ pg ৰ ফাইনেল চেমিষ্টাৰ যিহেতু। মই জানো তুমি যিমানটো সম্ভৱ পাৰা সময় উলিয়াই মোক ফোন মেচেজ কৰা। জানা, কেতিয়াবা বহুত কথা ক’বলৈ থাকে তোমাক। ভাল লগা, বেয়া লগা, দুখ লগা, ফুৰ্টি লগা। কিন্তু সময় হে নুজুৰে । কেতিয়াবা কথাবোৰ মুখেৰে ক’ব নোৱাৰো, তেতিয়া চিঠিৰ আকাৰ লয়।
তুমি তোমাৰ সপোনৰ পিছত অহৰহ চেষ্টা কৰা ,তোমাৰ এই যাত্ৰা মোৰ বাবে সঁচাই অনুপ্ৰেৰণাৰ উৎস। মই জানো কেতিয়াবা সময়ৰ অভাৱত আমাৰ কেইবা দিনো যোগাযোগ বিচ্ছিন্ন হয় । তুমি ভাৱি থাকা মই চাগে বেয়া পাই আছোঁ। কিন্তু বিশ্বাস কৰাঁ, মই বেয়া পাই নাথাকো। এইটো সঁচা যে কেতিয়াবা অলপ মান বেয়া লাগে। কিন্তু এইয়া মোৰ ভালপোৱাৰ তুলনাত তেনেই নগণ্য। মই ইয়াতে আছোঁ । সদায় থাকিম — তোমাৰ সফলতাৰ যাত্ৰাত সকলো সময়ত আশা আৰু সাহসেৰে অপেক্ষা কৰি।
তুমি যেতিয়া তোমাৰ লক্ষ্যত উপনীত হ’বা, সেই দিনটোৰ বাবে মোৰ হিয়া উদগ্ৰীৱ। মই জানো সেই দিনত মোৰ সৰ্বশ্ৰেষ্ঠ আনন্দ হ’ব তোমাৰ সফলতাৰ উজ্বল হাঁহিত।
মই তোমাৰ সৈতে আছোঁ, মনত ৰাখিবা।কেতিয়াও নাভাবিবা আঁতৰি যা়ম। নাযাওঁ , সময় আৰু দূৰত্বই মোৰ আশা, অপেক্ষা কমাব নোৱাৰিব।
অধ্যৱসায় কৰি আগবাঢ়ি যোৱা। তোমাৰ অপেক্ষাত মই আছোঁ, তোমাৰ জয়েৰে গৌৰৱ অনুভৱ কৰিবলৈ।আৰু শুনা, খোৱা বোৱা সময় মতে কৰিবা। শৰীৰৰ ধ্যান ৰাখিবা। এলাহ কৰি ফাৰ্ষ্ট ফুডবিলাক খাই নাথাকিবা। অলপ কষ্ট কৰি ৰূমতেই বনাই খাবা।
ইতি,
তোমাৰ মৰমৰ
নাচিমা…