ফাগুন ফাগুন লাগিছে
ছেলিমা বেগম,নগাঁও
ফাগুন মাহত পলাশৰ ৰং দেখি কবি লেখক সকল কেনেকৈ হাত সামৰি বহি থাকে। ফাগুন লৈ ক’ত যে কবিতা লিখি থাকে। ক’ত কবিৰ ক’ত ভাব প্ৰকাশ পাইছে কবিতাৰ মাধ্যমে। ফাগুন আহিলে ভোমোৰা উৰি উৰি ফুৰে ফুলে ফুলে ৰস বিচাৰি।মৌ মাখি উৰি ফুৰে ফুলে ফুলে মৌ গোটাবলৈ।
চৰাই বিলাক লঠঙা ডালত বহি কি যেন গীত গাই থাকে নিজৰ নিজৰ মাত মাতি। গছৰ সেউজীয়া পাত বিলাক পকি সৰি পৰে গছ বিলাক লঠঙা হৈ পৰে। শুকান পাত বিলাক বতাহৰ তালে তালে উৰি ফুৰে। শুকান বতৰত পুখুৰী নদ নদীৰ পানী কমি আহে। নদীৰ পাৰত বহু পক্ষীৰ আগমন ঘটে। শৰালী,বগলী, চিলনী,মাছ ধৰিবলৈ নদী নদী ঘুৰি ফুৰি মাছ ধৰি খাই থাকে। ৰাতিপুৱা শুই উঠিয়েই শৰালী যাক পাতি ডেউকা কোবাই মূৰৰ ওপৰে দি উৰি থকা দেখা পাই বৰ ভাল লাগে। ফাগুন ফাগুন গোন্ধৰে চৌপাশৰ দৃশ্য আমোলমোল হৈ পৰে।
ফাগুন মাহত বতৰ শুকান হৈ পৰে, সেই শুকান বতৰত মানুহৰ মাজত এক প্ৰকাৰ বিশৃংখলতাৰ পৰিসমাপ্তি ঘটে আৰু নানা ধৰণৰ সমস্যা দেখা দিয়ে। শুকান ধূলি উৰি নাকত মুখত লাগি কাহ পানী লগা জ্বৰ হয়। শুকান ধূলি ছালত লাগি ছালৰ বেমাৰ হয় । শুকান বতৰত পেট চলা বেমাৰ মানুহৰ মাজত বেছিকৈ দেখা দিয়ে। সেয়ে হে শুদ্ধ মতে থাকিব লাগিব নহ’লে আমাৰ মাজত বেমাৰৰ সৃষ্টি হ’ব পাৰে। পানী সদায় বিশুদ্ধ খোৱা উচিত।
সঁচাকৈয়ে প্ৰাকৃতি আছে বাবে আমি আছোঁ। প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰেমত পৰিলোঁ নেকি মই উফ্ঃ ফাগুনৰ পছোৱা বতাহ আহি নাকে মুখে ধূলি উৰাই দিলে,দুচকুৰ দুধাৰি পানী দুহাতেৰে মচি দিলোঁ !