অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাস
বন্দিতা শৰ্মা কন্দলি
অসমৰ উল্লেখযোগ্য বিজ্ঞানী সকলৰ ভিতৰত বৰপেটাৰ গুৰুপ্ৰসাদ দাস অন্যতম। ১৯০৪ চনৰ ১২ ফ্ৰেব্ৰুৱাৰীত বৰপেটাৰ মৰানদীৰ পাৰৰ বিলৰতাৰীহাটী নামৰ ঠাইত জন্ম গ্ৰহন কৰা গুৰুপ্ৰসাদ দাসৰ পিতৃ ৰামপ্ৰসাদ দাস এজন নামজ্বলা উকিল আৰু জনপ্ৰিয় সমাজকৰ্মী আছিল।মাতৃ আছিল পদ্মাৱতী দাস।
গুৰুপ্ৰসাদে সৰুৰে পৰাই মুকলি মনেৰে থাকি ভাল পাইছিল।ঘৰ আৰু বিদ্যালয়ৰ বান্ধোন সমুলি পচন্দ নকৰিছিল। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি তেওঁ বৰপেটা উচ্চ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰে। বিদ্যালয়ৰ অনুশাসন আৰু পঢ়া-শুনা বোৰে গুৰুপ্ৰসাদৰ বিদ্যালয়ৰ প্ৰতি থকা ধাউতি কমাই আনিবলৈ ধৰিলে। বিদ্যালয়লৈ নগৈ অনাই বনাই ঘূৰি ফুৰা, শ্ৰেণীত অমনোযোগী আদিৰ বাবে তেওঁ ভাল ফলাফল দেখুৱাব পৰা নাছিল। ভূগোল বিষয়ৰ শিক্ষকে তেওঁক গুৰু বিপৰীতে গৰু নামেৰে মাতিছিল। সেই সময়তে গান্ধীজীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু পঢ়া-শুনালৈ সম্পূৰ্ণ ভাৱে পিঠি দিয়ে। সপ্তম শ্ৰেণীতে পঢ়া এৰা গুৰুপ্ৰসাদে বৰপেটাৰ কাপোৰৰ ব্যৱসায়ী এজনৰ লগত ঘৰৰ বাধা নামানি কলিকতালৈ যায়। কাপোৰৰ ব্যৱসায় এৰি কিছুদিনৰ পাছত তেওঁ এটা মটৰগাড়ীৰ গেৰেজত কাম কৰিবলৈ লয়। সেই গেৰেজলৈ মটৰ গাড়ী ভাল কৰিবলৈ Thompson & Co নামৰ তীখা উদ্যোগৰ এজন বৃটিছ ব্যৱসায়ী আহিছিল। গুৰুপ্ৰসাদৰ কামৰ দক্ষতা দেখি তেওঁ গুৰুপ্ৰসাদক কলিকতা কাৰিকৰী বিদ্যালয়ত নাম ভৰ্তি কৰাই দিয়াৰ লগতে নিজৰ তীখা উদ্যোগত কাম কৰাৰ সুযোগ দিয়ে। তিনি বছৰৰ পাছত তেওঁ কাৰিকৰী শিক্ষাৰ ডিপ্লোমা লাভ কৰে। কলিকতাৰ ইডেন গাৰ্ডেনত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা কাৰিকৰী মেলাত গুৰুপ্ৰসাদে Thompson & Co ৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰসংশা লাভ কৰে। তেওঁৰ কৌশলী উদ্ভাৱন ক্ষমতাই বৃটিছ সকলক মুগ্ধ কৰিছিল।১৯২৫ চনত অসমৰ গভৰ্ণৰ বিলটন বেলে তেওঁক উন্নত কাৰিকৰী শিক্ষাৰ বাবে ইংলেণ্ডলৈ পঠোৱাৰ ব্যৱস্থা কৰি দিয়ে।১৯২৭ চনত সম্পূৰ্ণ চৰকাৰী উদ্যোগত ইংলেণ্ডলৈ যায় আৰু তাত বাষ্প ইঞ্জিন সম্বন্ধে ডিপ্লোমা লাভ কৰে। বৃটিছ চৰকাৰে তেওঁক মেকানিকেল ইঞ্জিনিয়াৰিঙ ৰ স্নাতক পৰীক্ষা দিবলৈ অনুমতি প্ৰদান কৰে। গুৰুপ্ৰসাদে সফলতাৰে সেই ডিগ্ৰী লাভ কৰি বৃটিছ ছাবমেৰিনত প্ৰথম ভাৰতীয় মেকানিকেল ইঞ্জিনিয়াৰ হিচাপে কাম কৰে। তাৰ পিছত তেওঁ জাৰ্মানী লৈ গৈ বাষ্প ইঞ্জিনৰ ওপৰত অধ্যয়ন চলাই Heat Meter নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰে।
ইংলেণ্ডলৈ ঘূৰি অহি তেওঁ Imperial Railway Service ত ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰে আৰু ১৯৩০ চনত ৰেলগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে। তেওঁৰ নামেৰেই ভেকুৱাম ব্ৰেকক জি.পি. ব্ৰেক বুলি জনা যায়। সেই সময়ত তেওঁ কেইবাটাও যন্ত্ৰ আৱিষ্কাৰ কৰে। তাৰ ভিতৰত চলন্ত ৰেলৰ গতিবেগ কমাব পৰা ‘ এছক্ৰাফট কাট আৰু কণ্ট্ৰল গেজ’,বয়লাৰ আৰু ‘ছেফটি ভালভ্ ‘ আদি প্ৰধান। তেওঁ ইংলেণ্ডৰ ‘ ইনষ্টিটিউট অফ মেকানিকেল ইঞ্জিনিয়াৰিঙ ‘ ৰ পৰা সন্মানিত ‘Associated Member of Institute of Mechanical Engineers’ মৰ্যদা লাভ কৰে। তাৰোপৰি লণ্ডনত থকা ভাৰতীয় ৰেʼলসেৱা বিভাগত উচ্চ খাপৰ চাকৰি লাভ কৰে। তেনে পদবী লাভ কৰা তেৱেঁই আছিল প্ৰথম অসমীয়া ব্যক্তি।
১৯৩১ চনত তেওঁ ভাৰতলৈ ঘুৰি আহি কলিকতাৰ হাওৰা ষ্টেচনৰ উচ্চ পদবীৰ চাকৰিত যোগদান কৰে। তাৰ পাছত তেওঁ ক্ৰমে বাৰ্মা তেল কোম্পানী আৰু কলকাতা পৌৰ নিগমৰ মেয়ৰ হিচাপেও সেৱা আগবঢ়াইছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাণপুৰত থকা অস্ত্ৰ- শস্ত্ৰ নিৰ্মাণ কাৰখানাৰ পৰিচালনাৰ দায়িত্ব ভাৰত চৰকাৰে তেওঁক প্ৰদান কৰে। তেওঁ সামৰিক বিভাগৰ পৰা ‘কৰ্ণেল ‘ উপাধি লাভ কৰিছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰা নাছিল যদিও তেওঁ কৰ্মনিষ্ঠা আৰু একানপতীয়া চেষ্টাৰ বলতে জীৱনত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই জনা মহান বিজ্ঞানীৰ ১৯৮২ চনৰ ১৯ ফ্ৰেব্ৰুৱাৰি তাৰিখে কলকাতাৰ নিজ বাসভৱনত মৃত্যু হয়।