খলনায়ক — – শতাব্দী শৰ্মা 

pc-walpaperacess

খলনায়ক

দুর্বাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নহ’লেও
প্ৰতিজনৰ হৃদয় কঁপি যোৱা নেতিবাচকতা,
জন্ম – জন্মান্তৰৰ হিংসা – বিদ্বেষ
বহুজনৰ ভাল লগা – নলগাৰ দোমোজাত এই চৰিত্ৰ ।
চকুৰ পচাৰত জ্বলন্ত অঙঠাৰ ৰক্তাভৰণ,
হাঁহিৰ মাজত শেলে বিন্ধাৰ উচুপনি,
খলনায়কৰ তমসাতো সুখ !
খলনায়কৰ গুহাতো গিৰিজনি!
খৰস্ৰোতা নদীৰ শব্দ নুশুনা
শিলাময় মৰুভূমিৰ ধূলি ধুমুহা ,
বাস্তৱ কিম্বা অবাস্তৱ
খলনায়ক স্বাভিমানী ঐক্যকেন্দ্ৰিকতাৰ ভেঁটি ।
– শতাব্দী শৰ্মা