সপোনৰ সমাধি – নাচিমা য়াচমিন

সপোনৰ সমাধি

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

সন্ধাই তাইৰ হৃদয় গভীৰত থকা গোপন সপোনবোৰক নিজ হাতেৰে সমাধিস্থ কৰিছে কেৱলমাত্ৰ নিজৰ জন্মদাতা পিতৃৰ সপোনক বাস্তৱত ৰূপান্তৰিত কৰিবলৈ। দেউতাকে তাইৰ বাবে বহুতো ত্যাগ কৰিছে।
তাৰ বিনিময়ত তাই বহু কিবাই দহন কৰিবলগা হৈছে জ্বলন্ত অগ্নিশিখাত। যেনে – নিজৰ ভৰিত থিয় দিয়া, শিক্ষয়িত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা,  আটাইতকৈ বিষাদপূৰ্ণ তাইৰ ভালপোৱা, অনুৰাগ।
ঠাৎ এদিন দেউতাকে তাইক মাতি আনি ক’লে,,,
: মাজনী, সৰুৰে পৰাই তুমি যি বিচাৰিছা মই কেতিয়াও মানা কৰা নাছিলোঁ। আজি যদি মই কিবা বিচাৰোঁ তোমাৰ পৰা,,দিবা নে?
: কি বস্তু দেউতা?কিয় নিদিম আকৌ নিশ্চয় দিম।আপুনি নিজেও জানে, এইখন পৃথিৱীত মই আটাইতকৈ বেছি ভালপোৱা মানু্হজন হ’ল আপুনি।
: কথা দিয়া আগতে,,মই যি বিচাৰিম দিবা বুলি ,,,
: দেউতা, মই কিবা এটা বস্তু বিচৰাৰ লগে লগেই তুমি আনি মোৰ আগত হাজিৰ কৰি দিয়ে।মই দুবাৰ কোৱাৰ প্ৰয়োজন নপৰে।তেন্তে মোৰ পৰা বিচাৰিবলৈ কিয় সংকোচ কৰি আছে?কওঁক দেউতা,
: বিপ্লৱ ল’ৰাটো ভাল।মোৰ বৰ পছন্দৰ।তোমাৰ উপযুক্ত। তাৰ বাহিৰে মই অন্য কাৰোবাক তোমাৰ উপযুক্ত জীৱন সংগী হিচাপে ভাৱিবই নোৱাৰোঁ।মই বিচাৰোঁ তুমি তাৰ লগত বিয়া পাতি সংসাৰ কৰা।
সন্ধ্যাৰ মূৰৰ ওপৰত আকাশখন সহি পৰাৰ দৰে লাগিলে। বুকুৰ মাজত চিৰিংকৈ বিষ অলপ অনুভৱ হৈছে।
দেউতা আপুনি যদি মোৰ পৰা মোৰ জীৱটো বিচাৰিলে হয়, মই আনন্দ মনেৰে দি দিলোঁ হয় আপোনাৰ হাতত।কিন্তু এইয়া আপুনি কি বিচাৰিলে,,,? মই কেনেকৈ বিপ্লৱৰ সৈতে বিয়া পাতিব পাৰোঁ,,,? মোৰ গোটেই হৃদয় জুৰি কেৱল যে অনুৰাগৰ বসবাস। মই তাক ভাল পাওঁ, অন্যৰ লগত সংসাৰ কেনেকৈ কৰোঁ?

তাই মনতে কথাবোৰ ভাৱি আছে। দেউতাকক এতিয়া তাই কি উত্তৰ দিব?তাই দেউতাকক বহুত বেছি ভাল পায়।কিন্তু অনুৰাগৰ প্ৰতি থকা ভালপোৱা খিনিও যে কম নহয়।দুয়োজন পুৰুষেই তাইৰ জীৱনত গুৰুত্বপূৰ্ণ। ভগৱান তুমি মোক এইয়া কোন পৰিস্থিতিৰ মুখা মুখি কৰিলা? এতিয়া মই কাক বাচি ল’ম? কাক এৰিম? মই যে একো বুজি পোৱা নাই,,,

: কি হ’ল মাজনি, ৰাখিবা নে মোৰ কথা? মোক তুমি বহুত ভাল পোৱা, সন্মান কৰা।মই জানো। এইয়া ধৰা সেই সন্মানৰ পৰীক্ষাহে মাত্ৰ। চাওঁ তুমি উত্তীৰ্ণ হ’ব পাৰা নে নাই,,,,,?
টেবুলৰ ওপৰত থকা পানী গিলাচ তাই একে ধুকে খাই ল’লে।
: দেউতা, আপোনাৰ কোনো কথাৰ আজি লৈকে মই অবাধ্য হৈছোঁ জানো? আপুনি যি ভাল বুজে তাকেই হ’ব।আপোনাৰ সুখেই মোৰ সুখ।
: that’s my little angel,,মই জানো নহয়, মোৰ মাজনীয়ে মোৰ সিদ্ধান্তক কেতিয়াও অৱজ্ঞা নকৰে।
: হয় দেউতা। পিছে মোৰ পঢ়া শুনাৰ কি হ’ব, মোৰ সপোন,,,?
: বিপ্লৱৰ টকা পইছাৰ কোনো আকাল নাই , আৰু মোৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী তুমিয়েই নহয় জানো।সকলো তোমাৰ যিহেতু চাকৰি কৰি কষ্ট কৰাৰ কি দৰকাৰ? মই সকলো সম্পত্তি অতি সোনকালেই তোমাৰ আৰু বিপ্লৱৰ নামত লিখি দি আজৰি হ’ম বুলি ভাবিছোঁ।
: যোৱা মা, ৰূমলৈ যোৱা । দেওবাৰে বিপ্লৱ আহিব মা -দেউতাক লগত লৈ।তুমি সাজু হৈ থাকিবা দেই মাজনী।
: ঠিক আছে দেউতা।
ৰূমলৈ গৈ সন্ধ্যাই বিচনাত পৰি শব্দ বাহিৰ নোহোৱাকৈ গাৰোৰে মুখ ঢাকি কান্দি থাকিল।মোবাইল ফোনটো বাজি উঠাত তাই ভয়তে কপি আছে। অনুৰাগক তাই কেনেকৈ জনাব এই কথা,,?তাক প্ৰতাৰণা কৰাৰ অপৰাধত সি কিমান ডাঙৰ শাস্তি দিব পাৰে বাৰু তাইক? মোক ক্ষমা কৰিবা অনুৰাগ, মই তোমাক দিয়া কথা ৰাখিব নোৱাৰিলোঁ। কল আকৌ বাজি উঠিল।এইবাৰ তাই ৰিচিভ কৰিলে,,,
: কি হৈছে জানজনী,? কল কিয় ৰিচিভ কৰা নাছিলা?
: অনুৰাগ,,,,
: কোৱা না।
 এফালৰ পৰা সকলো কথা তাই কৈ গ’ল।
: অনুৰাগ, মই কি কৰিম তুমিয়েই কোৱা?  মায়ে মোক জন্ম দিয়েই অকলশৰীয়া কৰি এৰি থৈ গৈছিল।দেউতাই মোক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে।মোৰ কথা চিন্তা কৰি দ্বিতীয় বিয়াৰ নামো মুখলৈ নানিলে। সৰুৰে পৰাই মোক মা- দেউতা দুয়োৰে মৰম দিছে। কেতিয়াও মাৰ দুখ অনুভৱ কৰিব দিয়া নাই। যেতিয়াই যি বিচাৰিছোঁ তাকেই আনি দিছে। কোনো বস্তুৰ অভাৱ অনুভৱ কৰিব দিয়া নাই।জীৱনত প্ৰথম বাৰ তেওঁ মোৰ পৰা কিবা এটা বিচাৰিছে।মই না কেনেকৈ কৰোঁ?মই  স্বাৰ্থপৰ কেনেকৈ হওঁ কোৱা? মই বহুত বেছি ভাল পাও মোৰ দেউতাক। তেওঁৰ মনত কষ্ট কেনেকৈ দিও?
: আৰু মোক নোপোৱা তুমি?
: পাওঁ, তোমাক বহুত ভাল পাওঁ। তোমাক মই চাৰি বছৰ ধৰি চিনি পাওঁ, ভাল পাওঁ।কিন্তু মোৰ দেউতাক মই চকু মেলিয়েই চিনি পাইছিলো।
: মোৰ কষ্টৰ কি হ’ব??
: তোমাৰ কষ্টবোৰ সময়ত প্ৰশমিত হ’ব পাৰিব। মই নাথাকিলে অন্য কোনোবাই আহি তোমাৰ জীৱনত প্ৰৱেশ কৰিব পাৰিব। তোমাক ভাল পাব পাৰিব।কিন্তু মোৰ বাহিৰে দেউতাৰ আপোন বুলিবলৈ কোনো নাই।
: মোক যিবোৰ সপোন দেখুওৱালা তাৰ কি হ’ব,,,
: মই যেনেকৈ মোৰ সকলো সপোনক সমাধি দি কৃত্ৰিম হাঁহি এটিক আঁকোৱালি লৈছোঁ। তুমিও লোৱা, ল’ব লাগিব অনুৰাগ।
অলপ সময় দুয়ো ফালে মৌনতা। সন্ধ্যাই কোৱা কথাবোৰ মিচা নহয়, সিহঁতৰ ভাল পোৱাখিনিও মিচা নহয়। মিচলিয়া এই সময় বোৰ, পৰিস্থিতিবোৰ।
দেউতাক এক কথাৰ মানু্হ, অনুৰাগে ভালদৰেই জানে। এবাৰ কিবা এটা সিদ্ধান্ত লৈছে যেতিয়া তাৰ সলনি নহয়।
মৌনতাৰ অৱসান ঘটাই অনুৰাগে ক’লে ,
: শেষ বাৰৰ বাবে মোক লগ কৰিব পাৰিবা নি জান,,?তোমাক দুবাহুৰ মাজত আকোঁৱালি লৈ মনে বিচৰা লৈকে কান্দি ল’ম শেষ বাৰলৈ।চকু ভৰাই তোমাক চাম।এবাৰ বেলেগৰ নামত সেন্দুৰ পিন্ধিলে তোমাক চাব বিচাৰিলেও যে পাপ হ’ব।
: I’m sorry অনুৰাগ,,,,মই তোমাৰ আগত থিয় দিব নোৱাৰিম।
: প্লিচ সন্ধ্যা,, শেষ বাৰৰ বাবে পাঁচটা মিনিট দিয়া না মোক।
: হুম।
তাই কল কাটি দিলে।নোৱাৰিলে আৰু অনুৰাগৰ কান্দোনৰ স্বৰ শুনি থাকিব।
কিছু দিনৰ পাছত তাই  নিজৰ সপোনৰ সমাধিৰ ওপৰত দেউতাকৰ কথা মতে ঠিক কৰা ল’ৰাৰ সৈতে সংসাৰ নামৰ অধ্যায়ৰ পাতনি মেলিলে।
সকলো পাহৰা সম্ভৱ নহয় কিন্তু দেউতাকৰ সিদ্ধান্তক ভুল প্ৰমাণিত হ’বলৈ দিব নোৱাৰে তাই ।কোনোপধ্যেই নোৱাৰে।