নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এইবাৰৰ কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইতিহাস সূচনা কৰি নামৰূপত ১২.৭ লাখ মেট্রিকটন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্প ঘোষণাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত উপস্থিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমবাসীৰ হৈ নামৰূপত ইউৰিয়া প্ৰকল্প অনুমোদনৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই প্রকল্পই ৰাজ্যৰ উন্নয়নমূলক যাত্রাত এক বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰিব। আগন্তুক এডভান্টেজ আছাম ২.০ আৰু বিশাল ঝুমুৰ প্ৰদৰ্শন সন্দৰ্ভতো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা মূল্যৱান নির্দেশনা লাভ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এডভান্টেজ আছাম ২.০ৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক অসমলৈ স্বাগতম জনোৱাৰ ক্ষেত্ৰত অসমবাসীৰ আগ্ৰহ আৰু আনন্দও ভগাই লয় বুলি সামাজিক মাধ্যমত উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষ্যৎ কৰাৰ উপৰিও সোমবাৰৰ দিনটোত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰৰ্মণকো সংসদ ভৱনতেই সাক্ষাৎ কৰে। ভাৰতৰ ইতিহাসৰ অন্যতম শ্রেষ্ঠ বাজেট উপস্থাপনৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক অভিনন্দন জ্ঞাপন কৰি কয় যে এই বাজেটে মধ্যবিত্ত আৰু ক্ষুদ্ৰ ব্যৱসায়ক চৰকাৰৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দুত ৰাখি অভিনৱত্ব প্ৰদান কৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে অসমত এক নতুন ইউৰিয়া প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণক ৰাজ্যবাসীৰ হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ধন্যবাদ জনায়। আগন্তুক এডভান্টেজ আছাম ২.০ৰ সন্মিলনৰ সামৰণী অধিৱেশনখনত অধ্যক্ষতা কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাতে সন্মতি প্রদান কৰে।

সেইদৰে সোমাবাৰৰ দিনটোতে মুখ্যমন্ত্রী ড°  হিমন্ত বিশ্ব শৰ্মাই পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যখনত চলি থকা ৰাষ্ট্ৰীয় পথ প্রকল্পক লৈ আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ পথ আন্তঃগাঁথনিকে ধৰি এডভান্টেজ আছাম আদি বিষয়ক লৈ আলোচনা কৰে। এডভান্টেজ আছাম ২.০ৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকি কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে সন্মিলনখনত এছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতক সংযোগ কৰা এক সেতু হিচাপে অসমৰ ভূমিকাৰ ওপৰত আলোকপাত কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে সদৰী কৰে।

সেইদৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই  ৰে’লৱে, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্রনিকছ আৰু তথ্য-প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে। তেওঁৰ সৈতে হোৱা আলোচনাত এডভান্টেজ আছাম ২.০ৰ অসমত গোলকীয় ছেমিকণ্ডাক্টৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্ৰী বৈষ্ণৱে ৰূপৰেখা নিৰ্ধাৰণ সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰিব বুলি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে।

আনহাতে, সোমবাৰৰ দিনটোতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী পীযূষ গোৱেলক সাক্ষাৎ কৰে। পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এডভান্টেজ আছাম ২.০৩ বিকশিত ভাৰতৰ দৃষ্টিভংগী কঢ়িয়াই অনাৰ লগতে অসমক বিকাশৰ ইঞ্জিন হিচাপে বিভিন্ন দিশ সম্বন্ধীয় আলোচনাত কেন্দ্রীয় মন্ত্রী গোৱেলে নেতৃত্ব প্রদান কৰিব।

সেইদৰে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীকো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে। এই সাক্ষাৎকালত এডভান্টেজ আছাম ২.০৩ হাইড্র’ কার্বন আৰু শক্তি সম্পর্কীয় আলোচনা সভাখনত কেন্দ্রীয় মন্ত্ৰী পুৰীয়ে নেতৃত্ব প্ৰদানৰ বাবে সন্মতি প্রকাশ কৰে আৰু ইয়াৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী পুৰীৰ সৈতে হোৱা দীঘলীয়া আলোচনাকালত অসমৰ তৈল উদ্যোগৰ সম্ভাৱনাৰ বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। আমাৰ যৌথ প্রচেষ্টাত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণে মূল অংশীদাৰসকলৰ মাজৰ সম্পূৰ্ণ সহযোগিতাৰ জৰিয়তে অসমৰ শক্তি-সম্ভাৱনাক বহনক্ষম ব্যৱহাৰ কৰাৰ সক্ষমতা প্রদানকাৰী মঞ্চ হিচাপে নিশ্চিত কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই আশা প্রকাশ কৰে।

একেদৰে যোগাযোগ আৰু ড’নাৰ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি এডভান্টেজ আছাম সম্পর্কত আলোচনাত মিলিত হয়। এডভান্টেজ আছাম ২.০ৰ সময়ত ‘বিকশিত অসমত আই- ৱেজ’ৰ ভূমিকা সম্পৰ্কীয় বৈঠকত কেন্দ্রীয় মন্ত্রী সিন্ধিয়াই অধ্যক্ষতা কৰিব। এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই বৈঠকে যোগাযোগ আৰু প্ৰযুক্তি উদ্যোগৰ মূল অংশীদাৰসকলক একত্ৰিত কৰি ৰাজ্যৰ আই- ৱেজ নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ নির্দিষ্ট কৌশল প্রণয়ন কৰাত সহায় কৰিব বুলি আমি দৃঢ় বিশ্বাসী।