দেশ-বিদেশৰ ডেৰ শতাধিক বিপনীৰ অংশগ্ৰহণ

দেশ-বিদেশৰ ডেৰ শতাধিক বিপনীৰ অংশগ্ৰহণ মণিৰাম দেৱান ট্ৰেড চেন্টাৰ
আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত গুৱাহাটীৰ বেতকুছিত থকা মণিৰাম দেৱান ট্ৰেড চেন্টাৰত যোৱা ২৫ ডিচেম্বৰৰ পৰা ১২ জানুৱাৰীলৈকে অনুষ্ঠিত হৈছে তৃতীয় আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা৷ এই বাণিজ্যমেলাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আফগানিস্তান, ডুবাই, বাংলাদেশ, থাইলেণ্ডৰ বিপনীয়েও অংশ গ্ৰহণ কৰিছে৷ বাণিজ্য মেলাত ডেৰ শতাধিক বিপনীত উপলব্ধ হৈছে বনৌষধি-প্ৰাকৃতিক ঔষধৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰী৷ বাহ-বেতৰ সামগ্ৰী, গৃহ-সজ্জা, আচবাব, নানা ধৰণৰ কাপোৰ, জুৱেলাৰীৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক উপাদানৰে প্ৰস্তুত কৰা সুগন্ধিযুক্ত ধূপলৈকে সকলো সামগ্ৰী ৰেহাই মূল্যত উপলব্ধ হৈ এই বাণিজ্য মেলাত৷ প্ৰতি সন্ধিয়া বাণিজ্য কেন্দ্ৰত আকৰ্ষনীয় সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হৈছে৷ ২ জানুৱাৰীৰ সন্ধিয়া এই সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই৷ সংস্থাৰ উপাধ্যক্ষ মধুৰাম ডেকা, প্ৰধান পৰিচালক চেলিম ৰাজা মণ্ডল, পৰিচালক নয়নমণি নাথেও অংশগ্ৰহণ কৰা অনুষ্ঠানত বাণিজ্য মেলাৰ সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰি অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই এই বাণিজ্য মেলাত বৰ্তমানলৈ ২ কোটিৰো অধিক টকা মূল্যৰ সামগ্ৰী বিক্ৰী হোৱা বুলি উল্লেখ কৰে৷ তেওঁ কয় যে সাধাৰণতে বজাৰত নোপোৱা বহু সামগ্ৰী এই মেলাত উপলব্ধ হৈছে৷ ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগীসকলক বিনামূলীয়াকৈ এই বাণিজ্য মেলাত অংশগ্ৰহণৰ সুযোগ দি তেওঁলোকক এখন ভাল বজাৰ দিয়াৰ চেষ্টা কৰা বুলিও মন্তব্য কৰে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষগৰাকীয়ে৷ এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ সদিচ্ছা-সহযোগিতাৰ কথাও তেওঁ উল্লেখ কৰে৷ ধৃতিস্মৃতা বৰা আৰু টিংকল ৰাজবংশীৰ কৃষ্ণ বন্দনাৰে আৰম্ভ হোৱা প্ৰথম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে জনপ্ৰিয়ক শিল্পী পদ্মনাভ বৰদলৈয়ে৷ প্ৰতিদিনে সন্ধিয়া ৬ বজাৰ পৰা বাণিজ্য মেলাত একোগৰাকী জনপ্ৰিয় শিল্পীৰ সংগীতানুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে৷