শীঘ্ৰে মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ কৰা হ’বঃশিক্ষামন্ত্রী

শীঘ্ৰে মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ কৰা হ’বঃশিক্ষামন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা– অতিশীঘ্ৰেই মাধ্যমিক শিক্ষাৰ অধীনস্থ ৮ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ কৰা হ’ব বুলি স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে।  বিগত বৰ্ষত ৰাজ্য চৰকাৰে প্ৰায় ২৫ হাজাৰ ঠিকাভিত্তিক আৰু ষ্টেটপুলৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰিছিল। এনে শিক্ষকসকলৰ বহুসংখ্যক শিক্ষক নিয়মীয়াকৰণৰ পৰা ৰৈ যোৱাৰ পিছত পুনৰ এক বিশেষ পদক্ষেপেৰে ৪,৬৬৯টা নিয়মীয়াকৰণ পদৰ বিপৰীতে ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ সিদ্ধান্ত লৈছিল। পুনৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৮ হাজাৰ শিক্ষকক নিয়মীয়াকৰণৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব বিশেষ পদক্ষেপ।

উল্লেখ্য যে কাহিলিপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। অসম লোকসেৱা আয়োগৰ দ্বাৰা বাছনিকৃত ১৩ গৰাকীকৈ প্ৰাৰ্থীক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ৰূপে নিযুক্তি পত্ৰ বিতৰণ কৰে।১৩গৰাকী প্ৰাৰ্থীক প্রবক্তাৰূপে নিযুক্তি-পত্ৰ প্ৰদান কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণৰ বিষয়টো উল্লেখ কৰে।

এই অনুষ্ঠানতে শিক্ষামন্ত্ৰীগৰাকীয়ে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ২৬গৰাকী মৃত ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে।

আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগ তথা সমগ্র শিক্ষা অভিযানৰ দ্বাৰা বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত লোৱা পৰিৱৰ্তনমুখী প্রচেষ্টা আৰু বিভিন্ন আঁচনি-কাৰ্যকলাপৰ উল্লেখেৰে প্ৰকাশ কৰা “Leaping Ahead: Transforming Education, Transforming Assam” গ্ৰন্থখন উন্মোচন কৰে। এই অনুষ্ঠানতে ভাষণ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকলৰ পৰিয়ালৰ ওচৰত সদায়ে চৰকাৰ থিয় হৈ আছে। মৃত ঠিকাভিত্তিক শিক্ষকৰ পৰিয়ালক প্রতি মুহূর্ততে বিভাগে খা-খবৰ লৈ থাকিব। কিয়নো এই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱদানৰ বাবেই ৰাজ্যৰ শিক্ষা বিভাগে এক বিশেষ স্থান আগুৱাবলৈ সক্ষম হৈছে। আনহাতে ডায়েটত নিযুক্তি প্ৰদান কৰা নৱনিযুক্ত প্ৰবক্তাসকলক শিক্ষামন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জনাই নতুন শিক্ষানীতি সার্থক ৰূপায়েণেৰে শিক্ষাৰ মান উন্নতকৰণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- শিক্ষাৰ দ্বাৰা দেশৰ নাগৰিক নিৰ্মাণ কৰা হয় আৰু এই গুৰুদায়িত্ব থাকে শিক্ষাগুৰুসকলৰ হাতত। গতিকে শিক্ষকসকলক সঠিক মাৰ্গদর্শনেৰে দীক্ষিত কৰাৰ ক্ষেত্ৰত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ যি দায়িত্ব সেয়া নতুন প্রবক্তাসকলে আন্তৰিকতাৰে পালন কৰিব লাগিব। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে এতিয়ালৈকে এক লাখৰো অধিক শিক্ষকক নিপুণ অসম আঁচনিৰ অধীনত এফএলএন প্ৰশিক্ষণৰ জৰিয়তে বুনিয়াদী শিক্ষাৰ সামগ্রিক মান উন্নয়নৰ প্ৰচেষ্টা চলাই গৈ থকা হৈছে। এই অনুষ্ঠানতে শিক্ষামন্ত্ৰীগৰাকীয়ে অহা ৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা প্রথম পৰ্যায়ৰ গুণোৎসৱত সকলো বিষয়া-কৰ্মচাৰীৰ সহযোগিতা কামনা কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিগত বৰ্ষৰ গুণোৎসৱৰ ফলাফলৰ ভিত্তিত ৰাজ্য চৰকাৰে ইতিমধ্যে শিক্ষা বিভাগৰ দ্বাৰা ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ পুনৰ নিৰ্মাণৰ বাবে ৬ হাজাৰ কোটি টকাৰ এক বৃহৎ ধনৰাশি ধাৰ্য কৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি আৰু শৈক্ষিক মান উন্নত কৰিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানত সমগ্র শিক্ষা মিছন সঞ্চালক ড° ওম প্রকাশ, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই, এছচিইআৰটিৰ সঞ্চালিকা ড° নিৰোদা দেৱী উপস্থিত থাকে।