মানুহৰ বহুত কাহিনী থাকিব পাৰে!
ঈপ্সিতা কন্দলী শৰ্মা
মানুহৰ বহুত কাহিনী থাকিব পাৰে। বাহিৰে অৱয়ব দেখিয়েই মানুহৰ ভিতৰৰ কাহিনী জনা সম্ভৱ নহয় । তথাপি আমি অনুমান কৰি ল’ব পাৰোঁ মানুহৰ আচৰণৰ ওপৰত ভিত্তি কৰি মানুহৰ মন ভালে আছে নে বেয়া ।সাধাৰণতেই উৎফুল্লিত মনৰ প্ৰকাশ মানুহৰ মুখমণ্ডলত বিয়পি পৰে।বিষাদৰ হাঁহিও যেন চিনিব পাৰি। কিন্তু কেতিয়াবা মানুহৰ এনে কিছুমান কাহিনী থাকে যিবোৰ সহজেই বুজা নাযায়। কেতিয়াবা এনেও হয় যে সন্মুখৰ মানুহজনৰ আচহুৱা আচৰণ দেখি আপুনি বা মই দুয়োজনেই লক্ষ্য কৰি আছোঁ। আমাৰ চকুত আমাৰ সন্মুখৰ মানুহজনক লৈ হয়তো প্ৰশ্নৰ এধাৰি মালা গুঠি গৈ আছোঁ । মানুহজনৰ আচৰণে আমাক কিছু অস্বস্তিও দিছে বোধহয়। আমি মানুহজনৰ আচৰণক লৈ অতিষ্ঠ হৈ যেতিয়া তেওঁক খুব বেয়াকৈ কৈছোঁ তেতিয়াও তেওঁৰ আচৰণ আগৰ দৰেই আছে তেতিয়া আমাৰ নিশ্চয় খং উঠিব। পিছত যেতিয়া আমি মানুহজনৰ তেনে আচৰণৰ প্ৰকৃত ৰহস্য বুজি পাম তেতিয়া হয়তো আমি আমাৰ আচৰণক লৈ যথেষ্ট অশান্তি পাম। কিয় তেনেকৈ বেয়াকৈ ক’লো মানুহজনক?- এই কথাটোৱে হয়তো আমাক বহুদিনলৈ ভালকৈ শুব নিদিব। সেয়ে আমাৰ বাবে উত্তম কথাটো হৈছে আমি মানুহৰ ভিতৰত কিবা নহয় কিবা কাহিনী যে থাকে এই কথাটো মানিহে মানুহক আচৰণ কৰিব লাগে । মানুহক চিনি পোৱাৰ আগতেই বিচাৰ কেতিয়াও কৰিব নালাগে। সত্যই হয়তো আপোনাক বা মোক আচৰিত কৰি তুলিব । এটা গল্প পঢ়িছিলোঁ – ২৪ বছৰীয়া ল’ৰাজনে ট্ৰেইনৰ খিৰিকীয়েদি বাহিৰলৈ চাই চিঞৰি উঠিল..‘দেউতা চাওক গছবোৰ পিছলৈ গৈ আছে!’
দেউতাকে হাঁহিলে আৰু ওচৰতে বহি থকা এহাল যুৱক যুৱতীয়ে ২৪ বছৰীয়া ল’ৰাজনৰ শিশু সুলভ আচৰণক কৰুণাৰ দৃষ্টিৰে চালে । , হঠাতে ল’ৰাজনে আকৌ ক’লে -“দেউতা,চাওক আমাৰ লগত ডাৱৰবোৰ দৌৰিছে।!” দম্পতীহালে ধৈৰ্য্য ধৰিব নোৱাৰি দেউতাকক ক’লে – “আপোনাৰ ল’ৰাটোক ভাল ডাক্তৰৰ ওচৰলৈ লৈ নাযায় কিয়?”
দেউতাকে হাঁহি মাৰি ক’লে – “ মই ডাক্তৰৰ ওচৰলৈ মোৰ ল’ৰাক নিলো। আমি এতিয়া ডাক্তৰৰ ওচৰৰ পৰাই আহিছোঁ । মোৰ ল’ৰাটো জন্মৰ পৰা অন্ধ আছিল। আজি মাত্ৰ চকু দুটা পাইছে “