বনভোজৰ বতৰ
বিশ্বজিৎ বৈশ্য
বংশৰ (শুৱালকুছি)
চাৰিওফালে এতিয়া বনভোজ খোৱাৰ যো-জা আৰম্ভ হৈছে। কোনে কোন ঠাইত যাব কি খাব আৰু যে কত কি। কোনোবাই পৰিয়াল সহিত কোনোবাই লগৰীয়া,অইন কোনোবাই আকৌ স্কুলৰ পৰা এনেদৰেই প্ৰস্তুতিবোৰ চলে। বনভোজ হৈছে এক আনন্দ উছাহ মাজেৰে পাৰ কৰা সময়। যত বেলেগ ঠাইলৈ গৈ ৰান্ধি-বাঢ়ি খাই মজা পোৱা যায়। ই মানুহৰ জীৱনত নতুনত্ব গঢ়ি তোলাত পূৰ্ণ সহযোগ আগবঢ়ায়। প্ৰাকৃতিক সৌন্দর্যৰে ভৰপূৰ ঠাইলৈ মনৰ হেঁপাহেৰে আমি সকলোৱে নিজৰ নিত্য কৰ্মব্যস্ততাৰ জীৱনৰ পৰা আঁতৰি এপাক স্ফুৰ্ত্তিৰ বাবে ওলাই যাও। আৰু দিনটোৰ বাবে পাহৰি যাও, ভাগৰ, দুখ কষ্ট। মনোমোহা পৰিবেশৰ মাজত নিজকে বিলীন কৰি পেলাও। সুস্বাদু ব্যঞ্জনেৰে ভৰা আৰু গীত- নৃত্যৰ মাজেৰে পাৰ কৰো সময় বোৰ। সচাকৈয়ে এই বিনন্দীয়া পৃথিৱীৰ মায়াময় মানৱ জীৱন। উপভোগ মাথো উপভোগ। সৌ সিদিনা পাৰ কৰি আহিছিল হে মাত্র বনভোজ খাই, আকৌ আহি পালেই দেখোন বনভোজৰ বতৰ। পাহাৰৰ ওচৰত নাইবা নিজৰা পাৰত নাইবা নদীৰ পবিত্র স্থানত থিতাপি লৈ খাদ্য বনোৱাৰ বাবে ঠাই লও আৰু ভাল লগা সময়বোৰ পাৰ কৰো। শেষত সেই সুন্দৰ মূহুর্তৰ দিনটো পাৰ কৰি সন্ধিয়া ঘৰমুৱা হও।