বীৰ লাচিত – জুৰিমণি মুদৈ

Pc NDTV.com
বীৰ লাচিত
জুৰিমণি মুদৈ, ৰহা হাৰিয়ামুখ 
বীৰ লাচিত তুমি
অসমৰ সুযোগ্য সন্তান
দেশৰ বাবে নিজক
কৰিলা বলিদান।
তুমি ত্যাগ-শৌৰ্য -বীৰ্য
আৰু বীৰত্বৰ দূৰন্ত প্ৰতীক
জাগ্ৰত প্ৰহৰী হৈ
ৰক্ষা কৰা নিজ জাতিক।
শৰাইঘাটৰ যুদ্ধত
যুঁজি অসীম বিক্ৰমেৰে
দেশপ্ৰেমৰ পৰিচয়
দিলা সাহসেৰে।
তোমাৰ বাবে নহয়
দেশতকৈ মোমাই ডাঙৰ
সেয়ে কৰি  শিৰচ্ছেদ
বোৱাঁলা তেজৰ ধাৰ।
জননীৰ সন্তান তুমি
জাতিৰ উজ্বল নক্ষত্ৰ
তোমাৰ আদৰ্শৰ চানেকিত
অসমীয়া হয় অনুপ্ৰাণিত।
তুমি অসমৰ আয়ুস ৰেখা
অসমীয়াৰ স্বাভিমান
তোমাৰ জন্ম জয়ন্তীত
যাঁচিছোঁ শতকোটি প্ৰণাম।