চিন্তাধাৰা যিমানেই সুন্দৰ নহওক,জগতে কেৱল পদৰ্শনৰ ওপৰতে বিশ্বাস কৰে – চন্দ্ৰ শেখৰ পৰাজুলী

চিন্তাধাৰা যিমানেই সুন্দৰ নহওক,জগতে কেৱল পদৰ্শনৰ ওপৰতে বিশ্বাস কৰে

চন্দ্ৰ শেখৰ পৰাজুলী ,বিশ্বনাথ চাৰিআলি

আমি প্ৰায়বোৰ মানুহে মনতে হয়তো বেচিভাগ ক্ষেত্ৰতে এটা কথা সদায় আকলন বা অনুমান লগাই থাকো যে, এজন মানুহৰ বাহ্যিক প্ৰদৰ্শন যেনেকুৱা প্ৰকৃত অৰ্থত সেই মানুহ জনৰ বা সেই মানুহ জনীৰ আন্তৰিক গতিবিদী বা আন্তৰিক চিন্তাধাৰাবোৰ ঠিক হুবহু একে প্ৰকাৰৰ বহি:প্ৰকাশ হোৱা দেখিবলৈ পোৱা যায়। কিন্তু এনেধৰণৰ চিন্তাধাৰা কেৱল আংশিক ভাবেই সত্য বুলি কব পাৰি। কিয়নো এজন মানুহৰ বাহ্যিক গতিবিদী সমুহক লৈ সেই মানুহৰ মনস্থিতি কেতিয়াওঁ আকালন কৰি লোৱাটো সম্ভৱপৰ নহয় । বৰ্তমান সময়ত বেছিভাগে আমি আৰ্থিকভাবে মজবুত আৰু উচ্চ পৰিয়াল জন্ম গ্ৰহণ কৰি উচ্চ শিক্ষাৰ জৰিয়তে শিক্ষিত এজন লৰা বা ছোৱালীৰ সমাজৰ আগত পদৰ্শন কৰি অহা এক সুন্দৰ চৰিত্ৰবোৰৰ জৰিয়তে আমি সকলোৱে অতি সহজে এজন ভাল মানুহ বা এজন ভাল নাগৰিকৰ শাৰীত থিয় কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। কাৰণ আমি জগতৰ আগত কৰা পদৰ্শন সমূহৰ ওপৰত নিৰ্ভিৰশিল হৈ এনেধৰণৰ চিন্তাধাৰাৰ উদ্ভাৱন কৰি লোৱাটো একেবাৰে সামান্য। আনহাতে একেবাৰে দৰিদ্ৰ বা সামান্য ধৰণৰ পৰিয়ালত জন্মগ্ৰহণ কৰি একেবাৰে সাধাৰণ ধৰণৰ শিক্ষাৰ মাধ্যমেৰে শিক্ষিত যুৱক বা যুৱতীয়ে অতীততে কৰা একেবাৰে নগন্য সৰু সৰু অনৈতিক ধৰণৰ কাৰ্যকলাপক সমূহ দেখি আমি অতি সহজে সেইবোৰ যুৱক-যুৱতীৰ এক অন্ধকাৰময় ভবিষ্যতৰ আকলন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰোঁ। কিন্তু জীৱন চক্ৰৰ চক্ৰবেহু বৰ জটিল । সেয়েহে আমি কেৱল এই সংসাৰত আহি কেৱল একেটাই ভুল বাৰে বাৰে পুনৰাবৃত্তি কৰি থাকোঁ যে, এজন মানুহৰ বাহ্যিক সুন্দৰতা বা বাহ্যিকভাবে কিছু বেয়া দিশবোৰ উজাগৰ হলেই আমি সন্তেক সময়ো পলম নকৰাকৈ সেই মানুহ গৰাকীৰ জীৱন বিত্তান্ত গাই ফুৰিব বিচাৰোঁ। কিয়নো সচৰাচৰ সৰ্বসাধাৰণ মানুহৰ প্ৰায় একেটাই মনোভাৱ থাকে যে, এজন মানুহৰ চিন্তাধাৰা যিমানেই সুন্দৰ নহওক,জগতে কেৱল পদৰ্শনৰ ওপৰতে বিশ্বাস কৰে। কিন্তু আপুনি যদি সচাকৈয়ে বুদ্ধিয়ক তেন্তে বৰ বেচিকৈ বাহ্যিক পদৰ্শন ওপৰত জোৰ প্ৰদান নকৰি কেৱল কিছু অপেক্ষাৰ অন্ততঃ এজন মানুহৰ মনস্থিতিৰ বিষয়ে আকলন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰক। কাৰণ হাতী এটাৰ সদায দেখুওৱা দাতবোৰ বেলেগে থাকে আৰু খাদ্যবোৰ চোবাই খোৱা দাতবোৰ বেলেগকৈ থাকে। সেযেহে বাহ্যিক পদৰ্শনৰ লগতে এজন মানুহৰ চিন্তাধাৰৰ ওপৰত সমানেই মনযোগ দিযাটো উচিত হব।