অশ্লীল ছবি নিৰ্মাণ কৰা বাবে বলিউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক আটক কৰিছে মুম্বাই আৰক্ষীয়ে

pc-theindianexpress

অনলাইন বাৰ্ত্তাসেৱা-  বলিউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক আটক কৰিছে আৰক্ষীয়ে। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বৰ অভিযোগ। মুম্বাই আৰক্ষীয়ে অশ্লীল ছবি নিৰ্মাণ আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৰাজ কুন্দ্ৰাক।মুম্বাই আৰক্ষীৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত মুম্বাইৰ অপৰাধ শাখাত পৰ্ণগ্ৰাফিক চলচিত্ৰ নিৰ্মাণ আৰু একাংশ মোবাইল এপৰ জৰিয়তে পৰচাৰ কৰাৰ বিষয়ে এক গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক ১৯ জুলাইৰ নিশা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।মুম্বাই আৰক্ষীয়ে এই পৰ্ণগ্ৰাফি নিৰ্মাণ আৰু প্ৰচাৰৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বহুকেইটা প্ৰমাণ লাভ কৰিছে। গোটেই ঘটনাৰ পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া মু্ম্বাই আৰক্ষীয়ে অব্যাহত ৰাখিছে।