কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু কাজিৰঙা বঁটা ২০২৪ : প্ৰয়াত সাংবাদিক প্ৰদ্যুত মহন্তৰ ওপজা দিন উদযাপনঃ
মৃদুস্মিতা শৰ্মা, বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা- বোকাখাতৰ অগ্ৰণী সংবাদ প্ৰতিষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু কাজিৰঙা বঁটা ২০২৪ প্ৰদান অনুষ্ঠান স্থানীয় পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ পুৱা পতাকা উত্তোলনৰ পিচতেই পৰৱৰ্তী সময়ত অনুষ্ঠিত বিশেষ অনুষ্ঠানত বঁটা উচৰ্গিত বৰেণ্য ব্যক্তি প্ৰয়াত মহেন্দ্ৰ নাথ শইকীয়া, ডিম্বেশ্বৰ শইকীয়া, ধনিল বৰঠাকুৰ, সুৰেশ চন্দ্ৰ ফুকন আৰু প্ৰদ্যুত মহন্তক পৰিয়ালৰ সদস্য আৰু উপস্থিত অতিথি সকলৰ দ্বাৰা স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ কাজিৰঙা নিউজ নেটৱৰ্কৰ সচিব দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই উদ্বোধনী ভাষণ আৰু কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দুৱৰাই সংবাদ প্ৰতিষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিশষে অৱগত কৰে ৷
ৰিজু হাজৰিকাৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানতে কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰতিষ্ঠাতা প্ৰয়াত সংবাদিক প্ৰদ্যুত মহন্ত আৰু সাংবাদিক ভাস্কৰ জ্যোতি ৰাজখোৱাৰ জন্মদিনো উদযাপন কৰা হয় ৷ অনুষ্ঠানত বোকাখাতৰ জেষ্ঠ নাগৰিক ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়া, বিশিষ্ট লেখিকা মিনতি দলে, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, বিশিষ্ট সমাজসেৱী, কবি দেৱ প্ৰদীপ বৰা, সমাজ কৰ্মী অনিমেশ শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি শইকীয়া, সন্ধানীৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, ইমজাৰ সভাপতি সঞ্জীৱ হাজৰিকা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি বিপুল বৰা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ অনুষ্ঠানত বোকাখাতৰ উদীয়মান বাঁহীবাদক বৰ্ষাগ্নি ডেকাৰ বাঁহীবাদনে সকলোকে মোহিত কৰে ৷
অনুষ্ঠানত কাজিৰঙা নিউজ নেটৱৰ্কৰ বাৰ্ষিক মুখপত্ৰ কাজিৰঙা আনুষ্ঠানিক ভাৱে উন্মোচন কৰে জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাই অনুষ্ঠানত ‘কাজিৰঙা নিউজ নেটৱর্কৰ চলিত’ বৰ্ষৰ অসম ভিত্তিত ধনীল বৰঠাকুৰ সোঁৱৰণি শ্রেষ্ঠ নৱীন সাংস্কৃতিক কর্মী বঁটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক নলবাৰীৰ ৰীমা দাসক, প্রদ্যুত মহন্ত সোঁৱৰণি গোলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ সাংবাদিক বঁটা দেৰগাঁৱৰ ‘ডি ৱাই-৩৬৫’ আৰু ‘অসমীয়া প্রতিদিন’ৰ সাংবাদিক দীপক শইকীয়াক, সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণী গোলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ নবীন সাহিত্য বঁটা গোলাঘাট, চুঙাজানৰ শিক্ষয়িত্রী, সু-লেখিকা, সমাজ কর্মী দীপিকা ফুকনক, প্ৰদান কৰা হয় ৷ একেদৰে ‘কাজিৰঙা নিউজ নেটৱর্কে’ প্ৰদান কৰি অহা মহেন্দ্র নাথ শইকীয়া আৰু ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণি, গোলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা ক্রমে গোলাঘাট কমাৰবন্ধাৰ পাহী গগৈ (উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলা ভিত্তিত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থী) আৰু বোকাখাত সম জিলাৰ ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ বিতোপন গগৈ (হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষার্থী) ক আৰু ডাঃ গোবিন্দ চন্দ্ৰ কাকতি সোঁৱৰণি গোলাঘাট জিলা ভিত্তিত ক্রীড়া বঁটা ৰাষ্ট্ৰীয় মহিলা ক্রিকেট খেলুলৈ বোকাখাতৰ জীয়ৰী উমা ছেত্রীক প্ৰদান কৰা হয় ।