সাম্প্ৰতিক পৃথিৱী আৰু মানৱতা – ৰশ্মি ৰেখা দুৱৰা

সাম্প্ৰতিক পৃথিৱী আৰু মানৱতা

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

সাম্প্ৰতিক সময়ত বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব বিকাশ ঘটিছে।আধুনিক অৰ্থাৎ সাম্প্ৰতিক পৃথিৱীখনত আমি যন্ত্ৰলৈ ৰূপান্তৰিত হৈ পৰিছোঁ।অতীতৰ সময়চোৱাত পৰিয়ালবৰ্গৰ সৈতে সকলো লোক আৱদ্ধ আছিল বাবে মৰম-চেনেহৰ জৰীদাল কটকটীয়া আছিল।বিজ্ঞানৰ আৱিষ্কাৰ বোৰৰ কাৰণে মানুহৰ জীৱন ধাৰণৰ মান সম্প্ৰতি যথেষ্ট উন্নতি হৈছে।কিন্তু সাম্প্ৰতিক সময়ত ব্যক্তিকেন্দ্ৰিকৰ বিপৰীতে মানৱসমাজ বস্তুকেন্দ্ৰিকলৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হয়।

নৈতিক,সামাজিক,আধ্যাত্মিক আদি মূল্যবোধৰ পৰা আমি সকলো বিৰত হৈ পৰিছোঁ।আমি নিজে মূল্যবোধ শিক্ষা আয়ত্ত কৰি উঠি প্ৰজন্মকো মূল্যবোধনো কি হয় ভালকৈ বুজাই দিয়া উচিত বুলি ভাবোঁ।যিহেতু বস্তুকেন্দ্ৰিক অৰ্থাৎ বস্তুৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱা দেখা যায়,ব্যক্তিৰ লগত বাৰ্তালাপ খুব কমকৈ কৰা হয় বাবেই মানৱতা কি? বুজিয়েই নাপায়।সেয়েহে বিপদত পৰা মানুহজনক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি যোৱা দেখা নাযায়।কোনোজনে হয়তো দূৰৈৰ পৰা প্ৰত্যক্ষ কৰি ভিডিঅ’ বনাই সামাজিক মাধ্যমত প্ৰচাৰ কৰা দেখা যায়।সেয়েহে আমি আমাৰ সন্তানবোৰক সৰুৰে পৰাই মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো উচিত।

আন্তৰিকতা,সহযোগিতা,সহানুভূতি,মানৱতাবোধ আদি মূল্যবোধৰ শিক্ষা প্ৰদান কৰিলে হয়তো আমাৰ সন্তানে আধুনিক পৃথিৱীত জীৱন-নিৰ্বাহ কৰিলেও ব্যক্তিকেন্দ্ৰিক হ’বলৈ শিকিব।বিজ্ঞান-প্ৰযুক্তিয়ে আমাক যিখিনি দিছে সেয়া আমি গ্ৰহণ কৰি উন্নতিৰ জখলাত আগুৱাব লাগে।কিন্তু শিপা পাহৰি আধুনিকতাত ডুব যোৱাটো অনুচিত।আধুনিক পৃথিৱীত নিজকে হেৰুৱাই নেপেলাই মানুহৰ প্ৰতি মানৱতা জাগি উঠাটো অত্যন্ত জৰুৰী।