প্ৰতিশ্ৰুতি – ৰুমী কলিতা দত্ত

প্ৰতিশ্ৰুতি
      ৰুমী কলিতা দত্ত
গাঁও- ২ নং কেন্দুগুৰি
তুমি মোৰ হৃদয়খন দখল কৰিলা ঠিকেই
কিন্তু তোমাৰ হৃদয়ত
সেয়া জানো প্ৰেম আছিল ?
তুমি চাগৈ চৰাইবোৰৰ দৰে
মোক খুটি খাবলৈ বিচাৰিছিলা
কিন্তু মোৰ হৃদয়ৰ মৰমবোৰে
সেই আশা  যে সমূলি  কৰা নাছিল !
গঢ়িব খুজিছিল আত্মিক সম্বন্ধ
যুগ-যুগান্তৰলৈ ।
এই সন্ধিয়া তোমাৰ মুখেৰে বিয়পোৱা শৰ লাগি
মই থকা-সৰকা হৈ
আলিংগন কৰিলোঁ বেদনা ।
মোৰ বুকুৰ কাৰেঙত তোমাৰ ছাঁয়াই
সোণবৰণীয়া নৈ বোৱাইছিল ।
পিছে,এতিয়া তোমাৰ হৃদয়ৰ উমান পাই
শিলনী বগাই বুকুত জুই বিয়পিছে ।
ভালপোৱাই হৃদয়ত বোৱাব পাৰে
হীৰা-মুকুতাৰ নৈ
সৃষ্টি কৰিব পাৰে এখন সেউজ অৰণ্য ।
কিন্তু তোমাৰ প্ৰেমে ক’লা শিল হৈ
কৰিছে যাত্ৰা স্বৰ্ণপুৰীলৈ ।
মোৰ বিশ্বাস নহয় এয়াযে ভালপোৱা
এতিয়া হেৰুওৱাৰ বিষাদে সৃষ্টি কৰিব
বুকুত অনেক নখৰ আঁচোৰ ।
এচপৰা বিষে হৃদয়ত খোপনি লৈ
শব্দৰ ৰক্তপাত কৰাব
উদং হিয়াত কাউৰী পৰিবলৈ ধৰিব ।
বৰষাই ঠেকেচী আঁকিব নিখুঁত ছবি
প্ৰতিশ্ৰুতি পাহৰি তুমি
সাবটি থাকিবা মধুৰ নিশাটি।