শেৱালি – বন্দনা শৰণীয়া

শেৱালি

বন্দনা শৰণীয়া

আহিনতেই অহাৰ কথা দি
তাই আহিল,
ফিৰফিৰীয়া বতাহত
তাইৰ সুগন্ধ উৱলিল;
সহজ নহয় প্ৰতিশ্ৰুতি ৰখা
অথবা কোৱাও নহয়
ৰাতিফুলা নিৰ্জাতনৰ কথা;
আঁচোৰ লাগিলেই
ফাট মেলা কলিজা তাইৰ ।
অথচ চাকিৰ তেল সহি
শলিতাগচি জ্বলাৰ দৰে
এমোকোৰা বিষাদ গিলি
পোহৰৰ হাঁহি এটি মাৰে;
ত্যাগতো তাই
গদ্ গদ্ কৈয়ে ফুলে ।