বুকু দুৰু দুৰু কপে নিকি বাৰু?বিহাইণ্ড দ্যা ড্ৰেছ…- দেৱাশীষ গোস্বামী

বুকু দুৰু দুৰু
কপে নিকি বাৰু?
বিহাইণ্ড দ্যা ড্ৰেছ…

দেৱাশীষ গোস্বামী

পুনৰ,পুনৰ এবাৰ টাইড,ছাৰ্ফ এক্সেল,ঢেলা চাবোনেৰে ঘঁহি ঘঁহি ঢুলেও নোযোৱা দাগেৰে কলংকিত নায়কত পৰিনত ‘জনহিত,জন সেৱাৰ্থে’ উৎসৰ্গিত অসম আৰক্ষী।নৃশংসতা,বৰ্বৰতাৰ সীমা নেওচি তেনেই সৰু ঘটনা এটাক এনে পৰ্য্যায় পোৱালেগৈ যে সকলোৰে মন মগজুত ভাঁহি উঠিল তালিবানী শাস্তি সমূহৰ একো একোটা দৃশ্যপট।খাকী ড্ৰেছযোৰ তথা ক্ষমতাৰ অপব্যৱহাৰ অসম আৰক্ষীৰ বাবে কোনো নতুন কথা নহয়।পিছে ক্ষন্তেকিয়া আবেগেৰে পৰিবেষ্টিত আমিবোৰৰ কাৰণে প্ৰত্যেকটো ঘটনা, দুৰ্ঘটনাৰ ‘এফেক্ট’ তেনেই ক্ষনস্থায়ী।আমি আমাৰ জীৱনত সাক্ষী হৈ ৰোৱা যি কোনো ধৰণৰ ঘটনা,দুৰ্ঘটনাৰ ‘এফেক্ট ‘সদায় নতুনত্ব বিচাৰি ফুৰা আমিবোৰৰ স্মৃতিৰ অটল গহ্বৰত যেতিয়াই হেৰাই যায় ঠিক তেতিয়াই সেই ঘটনা,দুৰ্ঘটনাৰ কাৰক সমূহে পুনৰ মূৰ দাঙি উঠিবলৈ লাই পায়।

আজিৰ পৰা ঠিক দুদিনৰ আগতে অসমৰ ৰাজধানী,বেপাৰ বাণিজ্যৰ কেন্দ্ৰস্থল,বিয়াগোম বিয়াগোম ৰাজনৈতিক নেতা-পালিনেতাৰ কৰ্মস্থলী তথা বাসস্থান,সকলোৰে সপোনৰ মহানগৰ আমাৰ অতি মৰমৰ গুৱাহাটীৰ ৰাজপথত খাকী ড্ৰেছৰ ক্ষমতাৰে বলীয়ান এজন অতি নিষ্ঠুৰ কৰ্তব্যপৰায়ণ (?) আৰক্ষী বিষয়াৰ মুখৰ নিকৃষ্ট শব্দলানী তথা সাধাৰণ মানবীয় প্ৰমূল্যবোধক ইউনিফৰ্মৰ জোতাৰে মোহাৰি নৃশংসতা তথা চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ যি নিৰ্দশনৰ ভাইৰেল ভিডিঅ’ তাক মানসিক বিকাৰগ্ৰস্ত দুই এজনৰ বাহিৰে সুস্থ মন মগজুৰ অধিকাৰী সকলোৱেই এক মুখে গৰিহণা দিছে আৰু লগতে তালিবানী আৰ্দশেৰে অনুপ্ৰাণিত খাকী ‘বিহাইণ্ড দ্যা ড্ৰেছ’যোৰৰ অসুৰটোৰ দৃষ্টান্তমূলক শাস্তি তথা চাকৰীৰ পৰা বৰ্খাস্তকৰনৰ দাবী জনাইছে।

সমগ্ৰ মানৱ জাতিৰ লগতে আৰক্ষী প্ৰশাসনৰ কিছুমান কলংকিত চৰিত্ৰৰ বাবেই আমাৰ সকলোৰে খাকী ‘বিহাইণ্ড দ্যা ড্ৰেছ ‘যোৰৰ মুখবোৰ দেখিলেই বুকু দুৰু দুৰু কপে নিকি বাৰু?