জোন সূৰুয সামাজিক সাংস্কৃতিক সংস্থাৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- জোন সূৰুয সামাজিক সাংস্কৃতিক সংস্থাৰ চতুৰ্থ বৰ্ষপূতি উপলক্ষে দুদিনীয়া কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ গীতানগৰ হাইস্কুল প্ৰাংগণত ১৬ আৰু ১৭ নবেম্বৰত পালন কৰা হয় । কালি অৰ্থাৎ ১৬ নৱেম্বৰ শনিবাৰে বিয়া নামৰ কৰ্মশালা এখনি পতা হয়। বন্তি প্ৰজ্বলন কৰে ইলা কলিতাই । “নাম অমৃতৰ নদী” নাম শীৰ্ষক বিয়া নামৰ কৰ্মশালাখনৰ শুভাৰম্ভ ও উদ্বোধন কৰে : স্বপ্না দেৱী শৰ্মাই ৷ ১৭/১১/২৪ পুৱা সংস্থাৰ পতাকা উত্তোলন কৰে সভাপতি প্লাৱিতা মহন্ত কাকতীয়ে ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন কৰে সাংস্কৃতিক সভাপতি দিলীপ চন্দ্ৰ কলিতাই ৷ সহযোগ কৰে সতীৰ্থবৃন্দই ৷ বন্তী প্ৰজ্বলন কৰে মুখ্য উপদেষ্টা মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে ৷ সহযোগ কৰে , আইনী উপদেষ্টা অঞ্জনা দত্তই ৷ সভা পৰিচালনা কৰে সভাপতি শ্ৰী প্লাবিতা মহন্ত কাকতীয়ে ৷ সভাৰ আৰম্ভণি কৰা হয় অঞ্জনা দত্তই পৰিৱেশন কৰা ভূপেন্দ্ৰ সংগীতেৰে। সভাৰ উদ্দেশ্য বাখ্যা কৰে আৰু আঁত ধৰে সম্পাদক জোনালী শৰ্মাই ৷ অতিথিক সম্বৰ্ধনাত সহযোগ কৰে গিৰীমণি গগৈ, কাবেৰী বি বৰঠাকুৰ , নীলম ডেকা প্ৰণিতা দাস আৰু ড° শেৱালি দাস কলিতাই ৷ স্ব-ৰচিত কবিতা পাঠ আৰু সতীৰ্থ চিনাকিপৰ্ব সঞ্চালনা কৰে:- ,সাহিত্য সভাপতি শোভন মেধিয়ে। মুকলি সভা: উদ্বোধন কৰে কাৰ্যকৰী সভাপতি দিগন্ত ভাগৱতীয়ে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডাঃ অঞ্জনজ্যোতি চৌধুৰী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উদিতা দাস ৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে আব্দুল আজিজ, ইউনুচ আলি, ৰানুবালা দেৱী, সোণটি কলিতা, নজৰুল ইছলাম, নীলিমা দাসকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।শেষত কৰ্মশালাৰ আয়তীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।