লাজ
আয়ুস্মান গগৈ,
কটন বিশ্ববিদ্যালয়
গাঁৱত থাকি বোকা- পানী গচকিবলৈ
লাজ লাগিছিল মোৰ,
সেয়েহে চহৰলৈ আহি
বহিৰাগত মালিকৰ ঘৰত
ভাড়াতীয়া হৈ আছো।
গাঁৱত থাকি খেতি- বাতি কৰিবলৈ
লাজ লাগিছিল মোৰ,
সেয়েহে চহৰলৈ আহি
বহিৰাগত কোম্পানীত
মজদুৰ হ’লো।
গাঁৱত থাকি মায়ে ৰন্ধা কচু- ঢেকীয়া
খাবলৈ লাজ লাগিছিল মোৰ,
সেয়েহে চহৰলৈ আহি
বহিৰাগতৰ হোটেলত
ভাত সাঁজ কিনি খালোঁ।